মৰিয়নিত হেঙুল থিয়েটাৰৰ ৩৭ সংখ্যক বৰ্ষৰ নাট্যাৰম্ভ

বিশেষ বাৰ্তা, ২২ আগষ্ট : অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰৰ ৩৭ সংখ্যক নাট্যবৰ্ষৰ কালি নিশা নাট্যাৰম্ভ কৰা হয় । মৰিয়নি ক্ৰীড়া সন্থাৰ সৌজন্যত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত  ফিতা কাটি মঞ্চ মুকলি কৰাৰ লগতে নতুন নাট্যবৰ্ষৰ শুভাৰম্ভ কৰে জনপ্ৰিয় গায়ক দীক্ষু আৰু সাংবাদিক শোণিত কুমাৰ ভূঞাই । এই উপলক্ষে অভিনেতা দেৱজিত বৰাই আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানত মঞ্চ মুকলি কৰি সাংবাদিক শোণিত কুমাৰ ভূঞাই কয়- এখন ভাল নাটকে সমাজলৈ সুস্থ বাতাৱৰণ কঢ়িয়াই আনে । এখন সমাজ সুশৃংখলিত ৰূপত আগবঢ়াই নিব পাৰে এখন ভাল নাটকে । হেঙুল থিয়েটাৰে সেই দায়বদ্ধতা পালন কৰি আহিছে । তেওঁ লগতে কয়- হেঙুল থিয়েটাৰ এতিয়া কেৱল প্ৰযোজক বা পৰিকল্পকৰ থিয়েটাৰ হৈ থকা নাই । সামাজিক দায়বদ্ধতা আৰু সমাজ সচেতনতাৰ বাবেই হেঙুল থিয়েটাৰ এতিয়া অসমৰ থিয়েটাৰ আৰু অসমীয়াৰ থিয়েটাৰ হৈ পৰিছে । জ্যেষ্ঠ সাংবাদিকজনে হেঙুল থিয়েটাৰৰ জনক প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ প্ৰসংগ উত্থাপন কৰি কয়- তেওঁলোকে হেঙুল থিয়েটাৰক লৈ এটা সপোন দেখিছিল, এতিয়া সেই সপোনক নতুন প্ৰজন্মৰ দুই প্ৰযোজক-পৰিকল্পক সংকল্পজিত হাজৰিকা আৰু পংকজ হাজৰিকাই আগুৱাই লৈ গৈ আছে । প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ সেই সপোনক সংগ্ৰাম, সম্পৰীক্ষা, সমাজ সচেতনতাৰ মাজেদি হেঙুল থিয়েটাৰে পৰৱৰ্তী প্ৰজন্মৰ বাবেও এক ঊৰ্ধ্বমুখী চিন্তা কঢ়িয়াই লৈ যাব বুলি লগতে মন্তব্য কৰে । সামাজিক দায়বদ্ধতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হেঙুল থিয়েটাৰ কৰ্তৃপক্ষৰ প্ৰতি তেওঁ ধন্যবাদো জ্ঞাপন কৰে । হেঙুল থিয়েটাৰৰ জন্মদাতা প্ৰয়াত অভিনেতা প্ৰশান্ত হাজৰিকা আৰু অভিনেত্ৰী ইলা কাকতিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সাংবাদিক শোণিত কুমাৰ ভূঞা আৰু কন্ঠশিল্পী দীক্ষুৱে । উদ্বোধনী অনুষ্ঠানত শোণিত কুমাৰ ভূঞা আৰু দীক্ষুৰ লগতে দীক্ষুৰ পৰিবাৰ-সাংস্কৃতিক কৰ্মী বিজয়েতা পাটগিৰি, মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈ, প্ৰবীণ অভিনেতা সুভাষ শৰ্মা, নাট্যকাৰ- অভিনেতা প্ৰণৱ বৰুৱা, বিশিষ্ট নাট্যকাৰ-শিক্ষাবিদ ৰঞ্জিত গোহাঁই বৰুৱা, গীতিকাৰ-সুৰকাৰ শশাংক সমীৰ, সাংস্কৃতিক কৰ্মী ধনেশ্বৰ বৰ্মন, মৰিয়নি ক্ৰীড়া সন্থাৰ উপ-সভাপতি তপন দাস, সম্পাদক দীপক দত্ত, সাংবাদিক প্ৰাঞ্জল পাওগাম, সাংস্কৃতিক কৰ্মী সমীৰ ৰয়, মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সমীৰণ নেওগ আদিক থিয়েটাৰ কৰ্তৃপক্ষই আদৰণি জনায় । অনুষ্ঠানটোত সমীৰ ৰয়ে হেঙুল থিয়েটাৰ কৰ্তৃপক্ষক প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ ছবি সম্বলিত এখন গামোচা উপহাৰ দিয়ে। আনহাতে, দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা একেটা অনুষ্ঠানতে আয়োজক মৰিয়নি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উদ্বোধক তথা জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু আৰু সাংবাদিক শোণিত কুমাৰ ভূঞা, হেঙুল থিয়েটাৰৰ প্ৰযোজক-পৰিচালক সংকল্পজিত হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা, অভিনেতা কমল লোচন, নিৰূপম শইকীয়া, অভিনেত্ৰী স্নিগ্ধা গগৈ, শিল্পীশিখা বৰা, নাট্যকাৰ-অভিনেতা প্ৰণৱ বৰুৱা আদিক গামোচা, সৰুদৈয়া জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৱে হেঙুল থিয়েটাৰতেই গীত গাই তেওঁ শিল্পী জীৱন আৰম্ভ কৰাৰ বাবে হেঙুল আজিও প্ৰিয় বুলি মন্তব্য কৰে । আগন্তুক নাট্যবৰ্ষৰ বাবে হেঙুল থিয়েটাৰৰ প্ৰতি তেওঁ শুভকামনা জ্ঞাপন কৰে । চমু অনুষ্ঠানটোত দীক্ষুৱে পৰিৱেশন কৰা গীতৰ অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰে । কালি নিশা প্ৰথমখন নাট বিশিষ্ট যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱা ৰচিত আৰু সংকল্পজিত হাজৰিকা পৰিচালিত ‘চিলনী’ মঞ্চস্থ কৰা হয় । হেঙুল থিয়েটাৰৰ এই বৰ্ষৰ আন দুখন নাটক হৈছে অভিজিৎ ভট্টাচাৰ্যৰ ‘বিড়ি’ আৰু প্ৰণৱ ভৰালীৰ ‘মছজিদ ৰোড নামঘৰ পথ’ । ২১ আগষ্টৰ পৰা ২৬ আগষ্টলৈকে মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা হেঙুল থিয়েটাৰৰ নাট উপভোগ কৰিবলৈ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

Featured