ভূৰাগাঁৱত ফিফটী ফিফটী দলঙে জীয়াতু ভোগাইছে সৰ্বসাধাৰণক

🔹 লোকনিৰ্মাণ বিভাগে বন্ধ কৰি দিলে যান-বাহনৰ চলাচল

নিয়মীয়া বাৰ্তা,  ৬ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এখন দলং। দলংখনৰ নাম হৈছে ফিফটী ফিফটী দলং। দলংখন আধা পকী আৰু আধা কাঠৰ। সেইবাবেই দলংখনৰ নামকৰণ কৰা হৈছে ফিফটী ফিফটী দলং। দলং ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি- ফলিহামাৰী পথত থকা এই আজব দলংখনেই দৈনিক হাজাৰ হাজাৰ লোকৰ যাতায়াতৰ একমাত্ৰ সম্বল। দৈনিক এই পথেৰে শ শ সৰু-বৰ যান-বাহন চলাচল কৰে। উল্লেখ্য যে কেইবাবছৰ পূৰ্বে প্ৰবল বানপানীয়ে পকী দলংখনৰ এটা মূৰৰ মাটি উটুৱাই নিছিল। তাৰ পিছত মৰিগাঁও জিলা লোকনিৰ্মাণ বিভাগে পকী দলঙৰ লগত সংযোগ কৰি কাঠৰ দলং নিৰ্মাণ কৰিছিল। কিন্তু কাঠৰ দলং নিৰ্মাণৰ দুই বছৰৰ পিছতেই কাঠৰ দলংখন একেবাৰে জৰাজীৰ্ণ হৈ পৰে। দলঙত ব্যৱহাৰ কৰা কাঠসমূহ পচি ভাঙি যায়। যাৰ ফলত কাঠৰ অংশৰে সৰু-বৰ যান-বাহনৰ লগতে বাইক পৰ্যন্ত চলাচল কৰিবলৈ হ’লে বহু ভাবিবলগীয়া হয়। যিকোনো মুহূৰ্তত কাঠৰ অংশত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কাঠৰ দলং অধিক জৰাজীৰ্ণ হৈ পৰাত স্থানীয় ৰাইজে মেৰামতি কৰি যাতায়াত সুচল কৰাৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু জিলা লোকনিৰ্মাণ বিভাগে বিধ্বস্ত দলংখন মেৰামতি কৰাৰ পৰিৱৰ্তে দলঙৰ দুয়োকাষত বাঁহ বান্ধি চাৰিচকীয়া আৰু তিনিচকীয়া যান-বাহনৰ চলাচল বন্ধ কৰা বুলি ফলক আঁৰি দিয়ে। লোকনিৰ্মাণ বিভাগে জৰাজীৰ্ণ দলংখন মেৰামতিৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে বাঁহ বান্ধি যাতায়াত বন্ধ বুলি ফলক আঁৰি দিয়াত ৰাইজৰ মাজত হাহাকাৰ লাগিছে। এইদৰে দলংখন বন্ধ কৰি দিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱত এম্বুলেঞ্চ পৰ্যন্ত যাব নোৱাৰিব। মৰিগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ এনে আজব কাণ্ডক সকলোৱে ধিক্কাৰ দিছে আৰু দলংখন শীঘ্ৰে মেৰামতি কৰি যাতায়াত সুচল কৰাৰ দাবী জনাইছে।

প্ৰেৰক আবুল কালাম

Featured