এনডিএফবি সদস্যক জেলৰ পৰা মুকলিৰ আহ্বান এবছুৰ  

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ৩০ ছেপ্টেম্বৰ : কোকৰাঝাৰ চহৰত  এবছুৱে আজি সৰ্ববৃহৎ সাংগঠনিক পতাকা উত্তোলন কৰে। আজি কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যান প্ৰাংগনত ৭৫ ফুট উচ্চতা, ২০  ফুট প্ৰস্থ আৰু ৩০ ফুট দৈৰ্ঘ্যৰ এবছুৰ পতাকাখন আনুষ্ঠানিকভাৱে উত্তোলন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। এবছুৰ এই সাংগঠনিক পতাকাখন যিকোনো ছাত্ৰ সংগঠনৰ পতাকাৰ ভিতৰত উচ্চতম স্থানত উত্তোলিত সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ বুলি বিবেচিত হৈছে। উল্লেখ্য যে আজি এক অনুষ্ঠানৰ যোগেদি কোকৰাঝাৰ চহৰৰ জেডি ৰোডস্থিত বডোফা শিশু উদ্যান প্ৰাংগনত এবছুৰ সাংগঠনিক পতাকাখন উত্তোলন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে৷ এবছুৰ পতাকা উত্তোলন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে এয়া এবছুৰ পৃথিৱীৰ ভিতৰতে উচ্চতম স্থানত থকা পতাকা। এই পতাকাখন সাহস আৰু প্ৰেৰণাৰ প্ৰতীক আৰু পতাকাখনৰ সতে স্বাভীমান জড়িত হৈ আছে বুলি উল্লেখ কৰি পতাকাৰ তলত একগোট হৈ থাকি এবছুৱে সদায়ে জাতিৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰিছে। ইপিনে অহা ১৫ আৰু ১৬ নৱেম্বৰত এবছু, বড়ো সাহিত্য সভা, হাৰিমু আফাট আৰু গান্ধী হিন্দুস্থানী সাহিত্য সভাৰ যৌথ উদ্যোগত নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰি উক্ত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব বুলি সদৰি কৰিছে দ্বীপেন বড়োৱে। উক্ত মহোৎসৱৰ সতে সংগতি ৰাখি ৰাজঘাটৰ পৰা যন্তৰ মন্তৰলৈ ১০ কিলোমিটাৰ জোৰা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব বুলি ঘোষণা কৰিছে দ্বীপেন বড়োৱে। উক্ত মহোৎসৱত বড়োসকলৰ কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে বড়োলেণ্ডত বসৱাস কৰা আন জাতি-জনগোষ্ঠীৰো সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব বুলি মন্তব্য কৰি অনুষ্ঠান সফল কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। আনহাতে পতাকা উত্তোলনথলীত সাংবাদিকৰ এক প্ৰশ্নত্তোৰত এনডিএফবি প্ৰসংগত কেবাটাও মন্তব্য কৰিছে দ্বীপেন বড়োৱে। তেওঁ কয় যে চৰকাৰে ইতিমধ্যে ৪২০৩জন কেডাৰক পুণৰসংস্থাপনৰ পেকেজ দিছে আৰু অহা ডিচেম্বৰৰ ভিতৰত ৬৭৮ জনক পুণৰসংস্থাপনৰ পেকেজ দিব। ৫৯২গৰাকী শ্বহীদৰ পৰিয়ালে আৰ্থিক অনুদান পাইছে আৰু ৭০০ৰো অধিক পৰিয়ালে অতি শীঘ্ৰেই আৰ্থিক অনুদান পাব। তদুপৰি এনডিএফবি কেডাৰৰ বিৰুদ্ধে থকা ২৬৩ টা লঘু আৰু গুৰুতৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। গোচৰ প্ৰত্যাহাৰৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যাৰ পৰিণতিতে আৰু ৬০০-৭০০ গোচৰ প্ৰত্যাহাৰ হ’ব। এনআইএৰ অধীনত ৬০জন এনডিএফবি কেডাৰ আছে আৰু চিবিআইৰ অধীনত ৰঞ্জন দৈমাৰীকে ধৰি ৬জন এনডিএফবি কেডাৰ বৰ্তমান জেলত আছে বুলি উল্লেখ কৰি সকলো এনডিএফবি কেডাৰৰ মুকলিৰ পোষকতা কৰিছে দ্বীপেন বড়োৱে। তেওঁ কয় ইয়াত কোনো ভালপোৱা-বেয়াপোৱাৰ কথা নাই। অসমত বহু ঘটনা সংঘটিত হ’ল। গুলী-বাৰুদ-বোমা বিস্ফোৰণ হৈছে। ঘটনা-পৰিঘটনা যিয়েই নহওঁক, এনডিএফবি বা বিএলটিয়ে নকৰক কিয় আমি বড়ো জাতীয় সংগঠন হিচাপে ক্ষমা বিচাৰিছো। মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছো, ইয়াত ভাল-বেয়াৰ কথা নাই ,অসমৱাসীৰ ওচৰত ক্ষমা বিচাৰিছো। শান্তিৰ স্বাৰ্থত, চুক্তিৰ স্বাৰ্থত, সাধাৰণ জীৱনৰ স্বাৰ্থত বন্দী হৈ থকা এনডিএফবি সদস্যসকলক মুকলি কৰি দিৱলৈ আহ্বান জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। তেওঁ জেলত গৈ ৰঞ্জন দৈমাৰীকে ধৰি আন সদস্যসকলৰ অৱস্থাৰ বুজ লোৱা কথাও সদৰি কৰি কয় যে ১৩-১৬ বছৰ জেলত থাকি তেওঁলোক এতিয়া সাধাৰণ লোকৰ দৰে হৈছে। উল্লেখ্য যে আজিৰ কাৰ্য্যসূচীত উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, উপ-সভাপতি খৌৰৌমদাউ ৱাৰী, কোকৰাঝাৰ জিলা এবছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে কৃপেশ দৈমাৰী আৰু খাম্ফা বসুমতাৰীসহ এবছুৰ আন নেতা-কৰ্মীসকল উপস্থিত আছিল।
প্ৰেৰক শুকুৰ আকন্দ
Featured