ছাত্ৰক মাৰপিটৰ ঘটনাত জড়িত নাই এবছুৰ নেতা-কৰ্মী 

🔹 ডিমাকুছিত সংবাদ মেল পাতি এবছুৰ দাবী

নিয়মীয়া বাৰ্তা, ২৭ জুন : ওদালগুৰি জিলাৰ ডিমাকুছিত এগৰাকী কলেজীয়া ছাত্ৰক অপহৰণ কৰি মাৰপিটৰ দৰে এক ঘটনা সংঘটিত হয় মঙলবাৰে ৷ ডিমাকুছিৰ এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰগৰাকীক একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ দৰে এক অবাঞ্ছিত ঘটনাত নাম সাঙোৰ খাই পৰিছে বড়ো ছাত্ৰ সংগঠন এবছুৰ । এবছুৰ কাৰ্যালয়তে ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ তুলি ইতিমধ্যে ছাত্ৰগৰাকীৰ মাতৃ কাষ চাপিছে ডিমাকুছি আৰক্ষীৰ ৷ এগৰাকী কলেজীয়া ছাত্ৰক এটা ছাত্ৰ সংগঠনৰ কাৰ্যালয়ৰ ভিতৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে আজি ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবছুৰ ডিমাকুছি আঞ্চলিক সমিতিয়ে ৷ আজি ডিমাকুছিত এখন সংবাদ মেল সম্বোধন কৰি ডিমাকুছি এবছুই সমগ্ৰ ঘটনাটোক লৈ দুখ প্ৰকাশ কৰাৰ লগতে এগৰাকী ছাত্ৰক মাৰপিটৰ দৰে অবাঞ্ছিত ঘটনাৰে এবছুক জড়িত কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে ৷ একাংশ লোকে এবছুক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলি ডিমাকুছি এবছুৰ সভাপতি লৱৰাম বড়োই এনে অবাঞ্ছিত ঘটনাৰ লগত এবছুৰ কোনো নেতা-কৰ্মী জড়িত নাই বুলি স্পষ্ট কৰি দি সংবাদ মেলত এই ঘটনাৰে জড়িত লোকক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় ।

প্ৰেৰক পিংকু কলিতা

Featured