হিৰণ্ময় খাকলাৰীৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত চিৰাং এবছুৰ সমদল

নিয়মীয়া বাৰ্তা, ২২ মে’ : নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত তথা চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থা কমিটীৰ উদ্যোগত আজি হিৰণ্ময় খাকলাৰীৰ হত্যাকাণ্ড আৰু কিশোৰী ধৰ্ষণৰ লগত জড়িতৰ ফাঁচীৰ দাবীত কাজলগাঁৱৰ ৰাজপথত এক প্ৰতিবাদী ধৰ্ণা-সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্যালয় চৌহদত প্ৰথমে দুষ্কৃতিকাৰীৰ হাতত অকাল মৃত্যুক আঁকোৱালি লোৱা হিৰণ্ময় খাকলাৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা নিবেদন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী আৰু অন্যান্য বড়ো জাতীয় সংগঠনৰ বিষয়ববীয়াসকলে। উপস্থিত সকলোৱে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। সমদলৰ আৰম্ভণিতে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, এবছুৰ আহ্বানত আজি বিটিআৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শীঘ্ৰেই হত্যাকাৰী আৰু ধৰ্ষণকাৰীক ফাঁচী দিয়ক। হিৰণ্ময় খাকলাৰীৰ পৰিয়ালক ২০ লাখ টকা আৰু ধৰ্ষণৰ বলি কিশোৰীক ৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰক। ৰাজ্যত সংঘটিত সকলো বৰ্বৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ ক্ষিপ্ৰতাৰে প্ৰকৃত ন্যায় বিচাৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এবছুৰ সাধাৰণ সম্পাদকজনে চিৰাং জিলাতো একাধিক ধৰ্ষণ তথা অন্যান্য গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত দীৰ্ঘ সময় ধৰি সুবিচাৰৰ পৰা বঞ্চিত হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে। আজি কেইবাশ প্ৰতিবাদীয়ে অংশগ্ৰহণ কৰা ধৰ্ণা-সমদলটো এবছু কাৰ্যালয়ৰ পৰা জিলা সদৰৰ ৰাজপথ পৰিভ্ৰমণ কৰি উপায়ুক্ত কাৰ্যালয় হৈ পুনৰ এবছু কাৰ্যালয়লৈ উভতি আহি প্ৰতিবাদী ধৰ্ণা-সমদল কাৰ্যসূচীৰ সামৰণি মাৰে।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured