বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ বিজয় 

🔹  এন এছ ইউ আই-আছু সম্পূৰ্ণ ৰূপে উৎখাত

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : আজি অনুষ্ঠিত বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হয়। সভাপতি পদৰ দিকচন বসুমতাৰী জয়ী হোৱাৰ বিপৰীতে ধীৰুকল্প বৰকটকীয়ে উপ-সভাপতি পদত আৰু হিমাংশু মল্ল বুজৰবৰুৱাই সাধাৰণ সম্পাদক পদত জয়ী হয়। ইয়াৰ উপৰি আলোচনী সম্পাদক পদত আকাংক্ষা অলম্ম্যান, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত ঋষিৰাজ বৰ্মন, তৰ্ক অধ্যয়ন চক্ৰৰ সম্পাদক পদত প্ৰাচুৰ্য ৰাজ ডেকা, ক্ৰিকেট সম্পাদক পদত টুটুমণি মেধি, জিম সম্পাদক পদত হৃষীকেশ মল্লিক, গুৰু ক্ৰীড়া বিভাগত দেৱজিৎ ৰাজবংশী , ফুটবল সম্পাদক পদত স্পন্দন নাথে বিজয় সাব্যস্ত কৰে। বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে আজি কয় যে এই জয় বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জয়, যিসকলে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাত বিশ্বাস কৰি এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীসকলক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰালে। বৰ্তমান সময়ত বিদ্যাৰ্থী পৰিষদ হৈছে সমগ্ৰ অসমৰ আটাইতকৈ জনপ্ৰিয় ছাত্ৰ সংগঠন, যাৰ সদস্য সংখ্যা ৯৬ হাজাৰৰো অধিক আৰু এইবাৰ পৰিষদে এক লাখৰো অধিক সদস্যতা অতিক্ৰম কৰিব। বিদ্যাৰ্থী পৰিষদৰ এই বিজয় পৰিষদৰ মূল মন্ত্ৰ জ্ঞান, চৰিত্ৰ আৰু একতাৰ ওপৰত সমৰ্পিত।

Featured