গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত সভাপতি পদত জয়ী এবিভিপিৰ মানস প্ৰতীম

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ, সাহিত্য সম্পাদকৰ পদত প্ৰাণজিৎ কোচ ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত বিনোদ বড়ো জয়ী হয়।  বিগত সময়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নাম লৈ কেইগৰাকীমান নিদিষ্ট ছাত্ৰই বাৰম্বাৰ এবিভিপিক আক্ৰমণ কৰাৰ বিপৰীতে আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিদ্যাৰ্থী পৰিষদৰ এগৰাকী সমৰ্থিত প্ৰাৰ্থীক সভাপতি পদত জয়ী কৰি এই ঘটনাৰো উচিত বাৰ্তা প্ৰদান কৰিলে। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ সমাজক ধন্যবাদ জনাই এই জয় বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ সমাজৰ জয় বুলি উল্লেখ কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়ত কেইগৰাকীমান নিদিষ্ট ব্যক্তিৰ নেতৃত্বত যিদৰে লাচিত বৰফুকন আৰু মা কামাখ্যাৰ ফটো জ্বলাই দিয়া হৈছিল তাৰো আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে উচিত প্ৰত্তোতৰ দিলে বুলি তেওঁ উল্লেখ কৰে।

Featured