অভিযুক্তৰ বাসগৃহ আক্রমণ ক্ষুব্ধ ৰাইজৰ

নাৰায়ণপুৰৰ মাতৃ–কন্যাৰ হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   লখিমপুৰ জিলাৰ লগতে সমগ্র ৰাজ্য জোকাৰি যোৱা নাৰায়ণপুৰৰ মেৰমুখ অঞ্চলৰ জালুককটা গাঁৱৰ মাতৃ–কন্যাৰ মৃতদেহ শোৱাপাটীতে উদ্ধাৰ হোৱা ৰহস্যজনক হত্যাকাণ্ডৰ চেপা উত্তেজনা সমগ্র অঞ্চলটোত আজিও অব্যাহত আছে৷ কালি দোভাগ নিশালৈকে ক্ষুব্ধ প্রতিবাদী উত্তেজিত জনতাই প্রয়াত কমল ফুকনৰ পত্নী মঞ্জু ফুকন আৰু ১২ বছৰীয়া কন্যা প্রস্তুতি ফুকনক হত্যা কৰা বুলি অভিযোগ কৰা দীনাৰাম ফুকনৰ বাসগৃহৰ চোতালত জুই জ্বলাই দোষীক ফাঁচি দিয়াৰ দাবী জনোৱাৰ লগতে ক্ষুব্ধ জনতাই শিলাবর্ষণ কৰি অভিযুক্তৰ বাসগৃহৰ কিছু ক্ষতি কৰে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে দীনাৰাম ফুকনৰ পত্নী আৰু কন্যাক নিৰাপত্তাজনিত কাৰণত বাসগৃহৰ পৰা নিবলৈ বিচৰা কার্যত ক্ষুব্ধ হৈ পৰা জনতাই আৰক্ষীক এই কার্যত বাধা প্রদান কৰাৰ পৰিপ্রেক্ষিতত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়৷ উল্লেখ্য যে মাতৃ–কন্যাৰ হত্যাকাণ্ডক কেন্দ্র কৰি স্বতঃস্ফূর্তভাৱে ওলাই অহা অঞ্চলটোৰ ক্ষুব্ধ জনতাক ছত্রভংগ দি পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ কালি নিশা আৰক্ষীয়ে পানীহিলৈ, কন্দুৱা গেছ, শূন্যলৈ গুলী আৰু অৱশেষত ৰবৰ বুলেট নিক্ষেপ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হয়৷ ইয়াৰ ফলত মাহমুদ আলী আৰু মাধৱ বৰা নামৰ দুজনকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ ডিব্রুগড চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে আৰু উত্তেজিত জনতাৰ শিলগুটিৰ আঘাতত সাতজনকৈ আৰক্ষী কম–বেছি পৰিমাণে আঘাতপ্রাপ্ত হ’বলগীয়া হয় বুলি জানিব পৰা গৈছে৷ আজি বিয়লি প্রায় ৪ বজাত মাতৃ–কন্যাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত নিজা বাসগৃহত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সৎকাৰ কৰা হয়৷ আনহাতে, প্রতিবাদকাৰী জনতাৰ মাজৰ পৰা দুজন যুৱক ববী বৰুৱা আৰু ববী চাৰিংগীয়াক বাইকসহ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়৷ ঘটনা সন্দর্ভত সম্প্রতি আৰক্ষীয়ে আটক কৰা দীনাৰাম ফুকনৰ বাসগৃহত অৱস্থান কৰি আৰক্ষীয়ে চৌপাশ ঘেৰি ৰাখিছে৷ ক্রমশঃ অৱনতি ঘটা পৰিস্থিতি নিয়ন্ত্রণৰ বাবে অঞ্চলটোত যোৱা নিশাই ১৪৪ ধাৰা বলৱৎ কৰিবলগীয়া হয়৷ ইপিনে, ক্ষুব্ধ ৰাইজে হত্যাকাণ্ডৰ লগত দীনাৰাম (পেৰ) ফুকন জডিত বুলি অভিযোগ কৰাৰ বিপৰীতে উক্ত ৰহস্যজনক হত্যাকাণ্ডত নিহত মঞ্জু ফুকনৰ একমাত্র পুত্র হেমন্তই নিজা বৰদেউতাক দীনাৰাম ফুকন এই হত্যাকাণ্ডৰ লগত জডিত নহয় বুলি দিয়া ভাষ্যই সমগ্র বিষয়টোক ৰহস্যঘন কৰি তুলিছে৷ সমগ্র অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষী ব্যস্ত থকা বাবে তদন্ত বর্তমান প্রাথমিক পর্যায়তে আছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন আৰু আৰক্ষীৰ তদন্ততহে প্রকৃত ঘটনাৰ ৰহস্য পোহৰলৈ আহিব৷