ধুবুৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়

🔹 হত্যাকাণ্ডৰ গোচৰৰ দুজনক যাৱজ্জীৱন কাৰাদণ্ড-দুজনক কাৰাবাস

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : ধুবুৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে কালি এক ঐতিহাসিক ৰায় প্ৰদান কৰি ২০১৩ চনতেই সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰৰ মুঠ ৭গৰাকী আচামীৰ দুজনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে। তদুপৰি আন দুজন আচামীক বিভিন্ন ধাৰাত কাৰাবাসৰ উপৰি জৰিমনা বিহাৰ বিপৰীতে ৩গৰাকী আচামীক দোষমুক্ত ঘোষণা কৰে আদালতে। গোচৰটোৰ চৰকাৰী পক্ষৰ অধিবক্তা দীনেশ চৌধুৰীয়ে সদৰী কৰা মতে, ২০১৩ চনত সৰ্বেশ আলী নামৰ ব্যক্তিয়ে ধুবুৰীৰ বজাৰ নগৰ আৰক্ষী চকীত খুৰাক শ্বহীদ আলীক হত্যা কৰা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল। কালি সেই গোচৰটোৰ ৰায়দান কৰি ধুবুৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে আচামী কালাম সেখক ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫ হাজাৰ টকা জৰিমনা বিহে। আনহাতে, চবুৰ আলী নামৰ আন এজন আচামীক ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫ হাজাৰ টকা জৰিমনাৰে দণ্ডিত কৰে আদালতে। তদুপৰি ৩২৪ আৰু ৩০৭ ধাৰাতো দোষী সাব্যস্ত হোৱাত আদালতে চবুৰ আলীক অতিৰিক্ত ২ বছৰৰ কাৰাদণ্ডসহ ১ হাজাৰ টকা জৰিমনা আৰু ৮ বছৰ কাৰাদণ্ডকে ধৰি ২ হাজাৰ টকা জৰিমনা বিহে। আনহাতে, আন দুজন আচামীৰ চোৰহাব আলীক ৩২৬ ধাৰাত ৫ বছৰ কাৰাদণ্ড আৰু ৩০৭ ধাৰাত ৮ বছৰ কাৰাদণ্ডকে ধৰি ৩ হাজাৰ টকা জৰিমনা বিহে। আনহাতে, আনোৱাৰ হুছেইন নামৰ আচামীজনক ৩২৪ ধাৰাত ২ বছৰৰ কাৰাদণ্ডসহ ১ হাজাৰ টকা জৰিমনা আৰু ৩০৭ ধাৰাত ৮ বছৰ কাৰাদণ্ডকে ধৰি ৩ হাজাৰ টকা জৰিমনা বিহে আদালতে। আনহাতে, আদালতে অভিযুক্ত সানাউল্লাহ, ইদ্ৰিছ আলী আৰু আখতাৰ আলী দোষী নহয় বুলি ঘোষণা কৰে আৰু মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured