ভূটানত নিৰুদ্দিষ্ট ৩০ নেতা–কেডাৰক শ্বহীদ ঘোষণাৰ চিন্তা–চর্চা আলফাৰ

🔹 নিখোজ আলফা নেতাৰ পৰিয়ালৰে অনুপ চেতিয়াৰ বৈঠক

🔹 পৰিয়ালৰ অনুমতি পালে শ্বহীদ হিচাপে কৰিব ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ অক্টোবৰ : আলফাৰ বিৰুদ্ধে ২০০৩ চনত সেনা বাহিনীয়ে চলোৱা অপাৰেচন অলক্লীয়েৰত নিৰুদ্দেশ হৈ থকা ৩০গৰাকী নেতা–কেডাৰক শ্বহীদ ঘোষণাৰ প্রস্তুতি চলাইছে সংগঠনটোৱে৷ আলোচনাপন্থী আলফা নেতৃত্বই এই সন্দর্ভত ইতিমধ্যে নিৰুদ্দেশ হৈ থকা নেতা–কেডাৰসকলৰ তালিকাও প্রস্তুত কৰি তুলিছে৷ কালি আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই অপাৰেচন অলক্লীয়েৰৰ সময়ত নিৰুদ্দেশ হৈ পৰা নেতা–কেডাৰৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয়৷ মুখ্যতঃ বিগত কুৰি বছৰে সন্ধানহীন হৈ থকা আলফা নেতা–কেডাৰসকলক কি ধৰণে সন্মান অথবা স্বীকৃতি প্রদান কৰা হয়, সেই সন্দর্ভত পৰিয়ালকেইটাৰ সৈতে আলোচনা চলায়৷ এই আলোচনাৰ পিছতে অনুপ চেতিয়াই প্রকাশ কৰা অনুসৰি, যিসকল নেতা–কেডাৰ নিৰুদ্দেশ হৈ আছে তেওঁলোকক আলফাই আনুষ্ঠানিকভাৱে শ্বহীদ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্তৰ কথা পৰিয়ালসমূহক অৱগত কৰা হৈছে৷ এইক্ষেত্রত পৰিয়ালে যিধৰণে বিচাৰে সেই ধৰণে নেতা–কেডাৰসকলক আনুষ্ঠানিক সন্মান যচা হ’ব৷ অর্থাৎ পৰিয়ালে নিৰুদ্দেশ হৈ থকাটো বিচাৰিলে তেনেদৰে থাকিব আৰু শ্বহীদ ঘোষণা কৰিব বিচাৰিলে আনুষ্ঠানিক শ্বহীদ ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে ভূটানত শিবিৰ স্থাপন কৰা আলফাৰ বিৰুদ্ধে ২০০৩ চনত আৰম্ভ হৈছিল অপাৰেচন অলক্লীয়েৰ৷ ভূটান সেনাৰ দ্বাৰা চলোৱা অভিযানত ভাৰতীয় সেনাই সকলোধৰণৰ সহযোগিতা আগবঢ়াইছিল৷ সেই সময়ত ভূটানৰ পাহাৰত শিবিৰ পাতি আলফা, এনডিএফবি আৰু কেএলঅ’ই প্রশিক্ষণ দিছিল সদস্যসকলক৷ কার্যতঃ ভূটান আছিল বিদ্রোহী সংগঠনসমূহৰ মূল ঘাটি৷ কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত আলফাই এই শিবিৰৰ পৰাই সকলো দিশ পৰিচালনা কৰিছিল৷ ভূটানৰ এই শিবিৰৰ নেতৃত্ব দিছিল আলফাৰ তদানীন্তন সভাপতি অৰবিন্দ ৰাজখোৱাই৷ ভাৰতীয় সেনা আৰু ৰয়েল ভূটান আর্মীৰ দ্বাৰা চলোৱা অভিযানত কেইবাজনো জ্যেষ্ঠ আলফা নেতা নিৰুদ্দেশ হৈ পৰিছিল৷ এইসকলৰ ভিতৰত আছিল কেন্দ্রীয় সাংগঠনিক সম্পাদক অশান্ত বাঘফুকন, মেজৰ বেনিং ৰাভা, এছিছটেণ্ট চিএনচি ৰবীন নেওগ, লেফটেনেণ্ট অজয় নার্জাৰী, লেফটেনেণ্ট নীলু চক্রৱর্তী, লেফটেনেণ্ট নৱ চাংমাই, লেফটেনেণ্ট গোবিন্দ বৈশ্য, লেফটেনেণ্ট ৰাণা ফুকন, লেফটেনেণ্ট অসীম শইকীয়া, ছেকেণ্ড লেফটেনেণ্ট প্রকাশ গগৈ, ছার্জেণ্ট মেজৰ হেমকান্ত ব’ম, কর্প’ৰেল বিক্রম ভূঞা, লেন্স কর্প’ৰেল নেচনেল পাটোৱাৰী, লেন্স কর্প’ৰেল দিগন্ত ৰংপি, প্রাঞ্জল শইকীয়া, ৰুবী গগৈ, ৰতন কুর্মী, সঞ্জীৱ দত্ত, ৰংগাই ব্রহ্ম, ধৃতিমান হাজৰিকা, ৰাহুল কোচ, মহেশ ডেকা, পোনাকণ পাটৰ, প্রভাত কলিতা, ৰুদ্র হালৈ, ৰেম্ব ৰায়, ভায়ামামা, জিতু ৰায়, উত্তম ৰায় আৰু ৰাজু উজীৰ৷ বিগত দীর্ঘ সময় ধৰি নিৰুদ্দেশ হৈ থকা নেতাকেইজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে ন্যায়িক যুঁজত অৱতীর্ণ হৈছিল যদিও কেন্দ্রীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে এই সন্দর্ভত কোনো তথ্য প্রদান কৰিবলৈ সক্ষম হোৱা নাছিল৷ সেয়াই নহয়, বিষয়টো সন্দর্ভত আন্তঃৰাষ্ট্রীয় পর্যায়তো আলোচনাপন্থী আলফাই উত্থাপন কৰিছিল যদিও ইয়াৰ কোনো ফলাফল লাভ নকৰিলে৷ অপাৰেচন অলক্লীয়েৰৰ পিছত নিৰুদ্দেশ হৈ পৰা আলফাৰ নেতা–কেডাৰসকলৰ পৰিয়ালে তেওঁলোকক মৃত বুলি ঘোষণা কৰাৰ সিদ্ধান্তক মানি লোৱা নাছিল৷ যোৱা ২০টা বছৰে বিষয়টো এনেদৰে ওলমি ৰোৱাৰ পিছত শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ সৈতে হোৱা আলোচনাত আলফাই বিষয়টো উত্থাপন কৰে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আলফা নেতৃত্বক নিজাকৈ ইয়াৰ বাবে সিদ্ধান্ত লোৱাৰ কর্তৃত্ব প্রদান কৰে৷ সেই অনুসৰিয়েই অনুপ চেতিয়াৰ নেতৃত্বত নিৰুদ্দিষ্ট আলফা পৰিয়ালৰ সৈতে আজি অনুষ্ঠিত হয় এখন বৈঠক৷ এই বৈঠকত বিষয়বোৰ আলোচনাৰ অন্তত নিৰুদ্দিষ্ট প্রতিগৰাকী নেতা–কেডাৰৰ পৰিয়াললৈ আলোচনাপন্থী আলফাই একোখন পত্র প্রেৰণ কৰি নিৰুদ্দিষ্ট সতীর্থ সন্দর্ভত কিধৰণে সিদ্ধান্ত লোৱা হ’ব তাক জনাবলৈ আহ্বান জনাব৷

Featured