হাতীৰচৰ সীমান্তৰে ওভতাই পঠিয়ালে ধৃত বাংলাদেশীক

🔹 অবৈধভাৱে সীমান্ত পাৰ হৈ প্ৰৱেশ কৰিছিল ভাৰতত

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এছোৱাৰে অব্যাহত আছে বাংলাদেশী নাগৰিকৰ ভাৰতত অনুপ্ৰৱেশৰ ঘটনা! সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ হাতত পুনৰ এজন বাংলাদেশী নাগৰিক কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ২১ ছেপ্টেম্বৰৰ দিনা জিলাখনৰ হাতীৰচৰ বিঅ’পিৰ ৪৯নং বিএন বিএছএফৰ এটি দলে অবৈধভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত প্ৰৱেশ কৰা আনোৱাৰ হুছেইন ওৰফে কামাল মহম্মদ (৩৫) নামৰ এজন বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰে। পিছত কালি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাতীৰচৰ ভাৰত-বাংলাদেশ সীমান্তৰে ধৃত উক্ত বাংলাদেশী নাগৰিকজনক বিএছএফে দেশখনলৈ ওভতাই পঠিয়ায়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured