অসম অলিম্পিক সন্থাৰ নতুন সভাপতি সৰ্বানন্দ সোণোৱাল, সম্পাদক লক্ষ্য কোঁৱৰ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিনাপ্ৰতিদ্বন্দিতাৰে সভাপতি পদত নিৰ্বাচিত হোৱাৰ বিপৰীতে পুনৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হ’ল লক্ষ্য কোঁৱৰ। অন্যহাতে ৰাজনীতিৰ পাশাখেলত উপেক্ষিত হৈ ৰ’ল সুদক্ষ ক্ৰীড়া সংগঠক ভাস্কৰ ৰঞ্জন দাস। ইফালে অনুষ্ঠিত নহ’ল জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে নিৰ্বাচন। পৰৱৰ্তী কাৰ্যনিবাহক সভাত সৰ্বসন্মতিক্ৰমে জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি ঘোষিত ফলাফল অনুসৰি অসম অলিম্পিক সন্থাৰ উপ-সভাপতি পদত বানীপ্ৰদা দাস, মৃগাংক দেৱ বৰ্মন, মুৰুলীধৰ চৌধুৰী, প্ৰশান্ত প্ৰতীম কাঠকটীয়া, ৰাজ কাকতি, ৰাজীৱ শৰ্মা, শিলাদিত্য দেৱ, সুবোধ মল্ল বৰুৱা, সুশান্ত বিশ্ব শৰ্মা আৰু কবি ৰঞ্জন ব্ৰহ্ম নিৰ্বাচিত হোৱাৰ বিপৰীতে কোষাধ্যক্ষ পদত নিৰ্বাচিত হয় অশোক কুমাৰ ভৰালী। অন্যহাতে যুটীয়া সম্পাদক পদত বিজয়ী হৈছে হীৰেন গগৈ, নিৰঞ্জন শইকীয়া, ৰাতুল শৰ্মা, শান্তনু কলিতা, তপন দাস আৰু উজ্জ্বল বৰুৱা। ইফালে সহকাৰী সম্পাদক পদত আফটাব হুছেইন, অংশুমান দত্ত, অৰূপ কুমাৰ ঠাকুৰীয়া, বেনাজীৰ ৰছিদ, হিমাংশু শ্বেখৰ বৈশ্য, ৰাজেশ বড়ো, ৰবীন শইকীয়া, জহিৰুল হক নিৰ্বাচিত হৈছে। কাৰ্যনিবাহক সদস্য হিচাপে নিৰ্বাচিত হৈছে শান্তনু পূজাৰী, জিতেন বৰঠাকুৰ, জিতুল বৰদলৈ, হেমন্ত সিং, ৰঞ্জিত বড়ো, হিমাঞ্জন বৰ্মা, তুহিন হাজৰিকা, শৰৎ হাজৰিকা, প্ৰণিল দৈমাৰী, দুষ্মন্ত বৰা, বিৰ্জু ৰাম, পংকজ ৰাম বড়ো, কৰুণা শইকীয়া, গীতাৰ্থ দাস আৰু আদৰ্শ চৌধুৰী। ইফালে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত ২০০জন ভোটাৰৰ ভিতৰত ১৪জন ভোটাৰে ভোটাদান কৰে। আনহাতে এই ১৪জন ভোটাৰে ভোটদান কৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম অলিম্পিক সন্থাৰ নতুন কাৰ্যনিবাহক সমিতিখন নিৰ্বাচন কৰে। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক পদত ১৪টা ভোটৰ বিপৰীতে ১৪টা ভোটে লাভ কৰি বিজয়ী হয় লক্ষ্য কোঁৱৰে। ইফালে নিৰ্বাচনক লৈ ভোটাৰসকলে আপত্তি অহাৰ কথা উল্লেখ কৰি ৰিটাৰ্নিং বিষয়াই ওজৰ আপত্তিসমূহক নিষ্পত্তি কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিছে। আজি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত অসন্তুষ্ট হৈ আবেদন কৰিছিল যদিও ৰিটাৰ্নিং বিষয়াৰ ওচৰত সবল যুক্তি দাঙি ধৰাত ব্যৰ্থ হোৱাত দুয়োখন আবেদন বাতিল হয়। অৱশ্যে প্ৰায়সংখ্যকে এই নিৰ্বাচনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, আজি অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত ভোটদান কৰিবলৈ ৰাজ্যৰ ৩৪খন জিলাৰ ক্ৰীড়া সংস্থাসমূহৰ প্ৰতিনিধি উপস্থিত হৈছিল ডিব্ৰুগড়ত। ইয়াৰ ভিতৰত আছিল অসম অলিম্পিক সন্থাৰ ৩৩টা সংস্থাৰ ৰাজ্যিক প্ৰতিনিধি। ৰাজ্যিক সংস্থাৰ ৪জন আৰু জিলাৰ ২জন প্ৰতিনিধিয়ে ভোটদানৰ কথা আছিল। কিন্তু নিৰ্বাচন ব্যৱস্থাত যাতে কোনোধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা কাৰ্যনিবাহক সভাই দহ জনীয়া সমিতি গঠন কৰে। এই সমিতিয়ে ভোটদান কৰি কাৰ্যনিবাহক সভাৰ বিষয়ববীয়াসকলক নিৰ্বাচিত কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যনিবাহক সভাৰ এই সিদ্ধান্তক অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যৰ বহু ক্ৰীড়া সংস্থাৰ প্ৰতিনিধিয়ে ভোটদানৰ পৰা বিৰত থাকে। ইফালে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিবাহক সভাত বিগত কাৰ্যকালৰ সাধাৰণ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে লক্ষ্য কোঁৱৰে। উল্লেখযোগ্য যে আজি অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত বিজেপি বিধায়ক শিলাদিত্য দেৱৰ বাদে আন বিজেপি বিধায়কসকলে নিৰ্বাচনৰ পৰা বিৰত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখযোগ্য যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত জ্যেষ্ঠ উপ-সভাপতি পদত জয়ন্তমল্ল বৰুৱা, মুৰুলীধৰ চৌধুৰী, ভৱেশ কলিতা, লৰেন্স ইছলাৰী, কবিৰঞ্জন ব্ৰহ্ম, পীযুষ হাজৰিকা, উপ-সভাপতি পদত মুৰুলীধৰ চৌধুৰী, দিবাকৰ বৰা, গুৰুজ্যোতি দাস, মৃগাংক দেউ বৰ্মন, ভবেশ কলিতা, ৰূপক শৰ্মা, বনি বাৰ্তা দাস, দিগন্ত কলিতা, তুলিৰাম ৰংহাং, লৰেন্স ইছলাৰী, অনুপ কুমাৰ চৌধুৰী, ৰাজীৱ শৰ্মা, নৱ কুমাৰ দলে, তৰংগ গগৈ, ৰাজ কাকতি, ৰমাকান্ত দেউৰী, সুবোধ মল্ল বৰুৱা, সাধাৰণ সম্পাদকৰ পদত ভাস্কৰ ৰঞ্জন দাস, গীতাৰ্থ দেৱ গোস্বামী, লক্ষ্য কোঁৱৰ, সহকাৰী সম্পাদক পদত বেনাজীৰ ৰছিদ, ড০ তপন দাস, অৰূপ কুমাৰ ঠাকুৰীয়া, হিমাংশু শ্বেখৰ, উজ্জ্বল বৰুৱা, অংশুমান দত্ত, দীপা চৌধুৰী, জহিৰুল হক, ৰাজেশ বড়ো, ৰবীন শইকীয়া, হীৰেন গগৈ, যুটীয়া সম্পাদক পদত অলক কুমাৰ ত্ৰিপাঠি, উপেন চক্ৰৱৰ্তী, অৰূপজ্যোতি চৌধুৰী, শান্তনু কলিতা, অমল নাৰায়ণ পাটোৱাৰী, ভাস্কৰজ্যোতি গোস্বামী, ড০ তপন দাস, মনোজ কুমাৰ চৌধুৰী, উজ্জ্বল বৰুৱা, দীপা চৌধুৰী, সঞ্জীৱ সন্দিকৈ, প্ৰেমজিৎ নাৰ্জাৰী, প্ৰণৱ লহকৰ, অশোক কুমাৰ ভৰালী, ৰাতুল শৰ্মা, হীৰেন গগৈ, ভৱজ্যোতি গোস্বামী, নিৰঞ্জন শইকীয়া, মনোজ কুমাৰ চৌধুৰী, কোষাধ্যক্ষ পদত ভাস্কৰ ৰঞ্জন দাস, অশোক কুমাৰ ভৰালী আৰু কাৰ্যনিবাহক সদস্য পদত দিব্যজ্যোতি ৰাজখোৱা, জিতেন বৰঠাকুৰ, শৰৎ হাজৰিকা, ৰঞ্জিত বড়ো, দূৰ্গা দাস বড়ো, হীমাঞ্জন শৰ্মা, শান্তনু পূজাৰী, তুহিন হাজৰিকা, কৰুণা শইকীয়া, বিৰ্জু ৰাম, জাফেৰ খান, ৰাজেশ বড়ো, আদৰ্শ চৌধুৰী, সংগ্ৰাং ব্ৰহ্ম, প্ৰণীল দৈমাৰী, ধনেশ্বৰ বড়ো, মিলন দৈমাৰী, পংকজ ৰাম বড়ো, গীতাৰ্থ দাস, জিতু বৰদলৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল।
প্ৰেৰক বিভাস দুৱৰা
Featured