অসম গেছ কোম্পানীৰ কাম-কাজত সন্তুষ্ট বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতি

নিয়মীয়া বাৰ্তা, ২১ জুনঃ অসম বিধানসভাৰ ১১জনীয়া প্ৰতিনিধি দলে দ্বিতীয় দিনা কাৰ্যসূচীত দুলীয়াজানস্থিত অসম গেচ কোম্পানীৰ মুখ্য কাৰ্য্যাল়য়ত উপস্থিত হৈ কোম্পানীৰ বিভিন্ন কাম-কাজসমূহৰ পৰ্যালোচনা কৰে। এই সন্দৰ্ভত কোম্পানীৰ সভাগৃহত অনুষ্ঠিত এক সভাত বিধায়িনী দলটোৰ সদস্য সকলে কোম্পানীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ বিভিন্ন দিশসমূহৰ সন্দৰ্ভত বুজ লয়। বিধায়িনী দলটোত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ তদাৰকী সমিতিৰ অধ্যক্ষ তথা অসম গণ পৰিষদ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, বিজেপিৰ বিধায়ক সুৰেন ফুকন, কংগ্ৰেছৰ বিধায়কদ্বয় ৰেকিবুদ্দিন আহমেদ আৰু শিৱামনি বৰা, বিজেপিৰ বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে বিধানসভাৰ সমিতিখনৰ চাৰিগৰাকী সচিবো উপস্থিত থাকে। এই সভাত উপস্থিত হৈ শদিয়া সমষ্টিৰ বিধায়ক তথা অসম গেচ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়াই ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে অনাগত দিনত কোম্পানীয়ে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ন ন পৰিকল্পনাসমূহৰ সন্দৰ্ভত বিধায়িনী দলটোৰ আগত ব্যক্ত কৰে। ইফালে অসম গেচ কোম্পানী পৰিদৰ্শন কৰিবলৈ অহা বিধানসভাৰ প্ৰতিনিধি দলটোৱে কোম্পানীৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ নেতৃত্বত অসম গেচ কোম্পানী প্ৰগতিৰ দিশে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰাৰ লগতে কোম্পানীৰ বিভিন্ন কাম কাজত সন্তুষ্টি প্ৰকাশ কৰে। অসম গেচ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানতেই কোম্পানীৰ চি জি ডি বিভাগৰ মুখ্য প্ৰবন্ধক ৰিপুঞ্জয় ফুকনে কোম্পানীৰ বিভিন্ন কাম কাজৰ খতিয়ান দৃশ্য শ্ৰব্য মাধ্যমৰ যোগেদি দাঙি ধৰাৰ লগতে কোম্পানীৰ SCADA বিভাগৰ প্ৰবন্ধক সুৰেশ দাসে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বৰ্তমানে চলি থকা আৰু ইতিমধ্যে সম্পন্ন হোৱা কাম কাজৰ বিৱৰণ দাঙি ধৰে। উল্লেখযোগ্য যে গেছ কোম্পানীৰ তৰফৰ পৰা সামগ্ৰিক দিশৰ বিৱৰণ দাঙি ধৰাৰ অন্ততঃ অসম বিধান সভাৰ পৰা অহা ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্যসকলে কোম্পানীৰ অধিক উন্নয়নৰ স্বাৰ্থত বহুখিনি দিহা পৰামৰ্শ আগবঢ়ায়। অসম গেছ কোম্পানীৰ মানৱ সম্পদ আৰু প্ৰশাসন বিভাগৰ মুখ্য প্ৰবন্ধক ধীমন্ত বৰ্মনে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত জনসংযোগ বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈয়ে সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে।

প্ৰেৰক কৃষ্ণা গগৈ

Featured