চামগুৰিত গৰম গৰম শীৰ্ষক গীতৰ অডিঅ’-ভিডিঅ’ মুকলি

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ নগাঁও জিলাৰ চামগুৰিত আজি গৰম গৰম নামেৰে এটি  গীতৰ অডিঅ’ ভিডিঅ’ মুকলি কৰা হয়৷ জনপ্ৰিয় অভিনেতা পৰিচালক ৰমেন হাজৰিকা আৰু জনপ্ৰিয় কণ্ঠশিল্পী প্ৰভাত দাসে মুকলি কৰা উক্ত গীতৰ অডিঅ’ ভিডিঅ’টোত কণ্ঠ নিগৰাইছে সুগায়ক ৰঞ্জনজ্যোতি হাজৰিকাই৷ গীতটিৰ কথা-সুৰ ৰঞ্জনজ্যোতি হাজৰিকাৰ৷ সংগীত ব্যৱস্থাপনা নৃপেন হাজৰিকা (মিন্টু) আৰু লবজ্যোতি বৰাৰ৷ অভিনয় কৰিছে জিতু দাস, ফাইজুল ইছলাম, ৰঞ্জন জ্যোতি হাজৰিকা, লৱ বৰা আৰু ৰাম ৰয়ে। কৰিয়গ্ৰাফী জিতু দাসৰ৷ আৰ আৰ প্ৰডাক্টচনৰ দ্বাৰা নিবেদন কৰা ভিডিঅ’টি পৰিকল্পনা, ডিঅ’পি আৰু সম্পাদনা কৰিছে নৃপেন হাজৰিকাই (মিন্টু) ৷ ভিডিঅ’টো নগাঁও জিলাৰ বিভিন্ন মনোৰম লোকেচনত দৃশ্যগ্ৰহণ কৰা হয়৷ কেমেৰা সহযোগিতা কৰিছে নিবিৰ কাশ্যপে৷ সাংস্কৃতিক কৰ্মী নৃপেন হাজৰিকাই আঁতধৰা উক্ত অডিঅ’-ভিডিঅ’ মুকলি অনুষ্ঠানটোত উন্মোচক হিচাপে জনপ্ৰিয়  অভিনেতা ৰমেন হাজৰিকাই কয় যে আজিৰ এই দিনটো চামগুৰিৰ বাবে এটা উল্লেখ্যযোগ্য দিন৷ আজি এই ভিডিঅ’টো মুকলি কৰি মই নিজকে ধন্য মানিছো যে চামগুৰিত প্ৰতিভাৰ বিকাশত কোনো কম নাই৷ আজি তাৰ প্ৰতিফলন এই ভিডিঅ’টোতে প্ৰকাশ পাইছে ৷ চামগুৰিৰ হাজৰিকা অডিঅ’-ভিডিঅ’ স্টুডিঅ’ত মুকলি কৰা গীতৰ ভিডিঅ’অনুষ্ঠানটোত জনপ্ৰিয় কণ্ঠ শিল্পী প্ৰভাত দাসে বক্তব্য আগবঢ়োৱাৰ লগতে অনাগত দিনত গায়কগৰাকী তথা গোটাই ইউনিটৰ পৰা আৰু এনেধৰণৰ অধিক সুন্দৰ গীতৰ অডিঅ’-ভিডিঅ’ ৰাইজৰ মাজলৈ আগবঢ়াই দিব বুলি  আশা কৰে৷ উক্ত মুকলি অনুষ্ঠানটোত যুৱকৰ্মী মৃদুল বৰা, সমাজসেৱিকা ইৰা বৰা, বাণী মুক্তিয়াৰ, ভৱানী দাস, জোনমনি হাজৰিকা, বৰ্নিল হাজৰিকা, অধ্যয়ন মানস হাজৰিকা, ৰিয়ান হাজৰিকাকে ধৰি কেইবাগৰাকী সাংস্কৃতিক শিল্পীৰ লগতে গন্যমান্য  ব্যক্তি  উপস্থিত থাকে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা 
Featured