ধুবুৰীত কৰায়ত্ত হোৱা বাংলাদেশী মহিলাক ওভতালে বাংলাদেশলৈ

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ অবৈধভাবে বাংলাদেশৰ পৰা ধুবুৰীলৈ আহি আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা বাংলাদেশী মহিলা এগৰাকীক বাংলাদেশৰ প্ৰশাসনক চমজাই দিয়া হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত কৰা এক টুইটযোগে এয়া জানিব পৰা গৈছে। উল্লেখ্য যে কালি সন্ধিয়া আৰক্ষীয়ে ধুবুৰী চহৰৰ মাজমজিয়াৰ বৰলুইতৰ যোগমায়া পাৰঘাটৰ পৰা অবৈধভাবে অসমলৈ প্ৰৱেশ কৰা একগৰাকী বাংলাদেশী মহিলাক কৰায়ত্ত কৰিছিল। নিজকে বাংলাদেশৰ ঢাকাৰ চাঁদপুৰৰ লিপি আখতাৰ বুলি পৰিচয় দিয়া সেই মহিলাগৰাকীয়ে বাংলাদেশৰ ঢাকাৰ পৰা স্বামীসহ দুই দালাল চক্ৰৰ সহযোগত ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ধুবুৰীলৈ অহা বুলি সদৰি কৰিছিল। বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত মহিলাগৰাকীয়ে দালাল চক্ৰটোৰ দুজনীয়া দলটোৰ এজনক জনৈক আলী আৰু অইন জন হালিম বুলি অভিহিত কৰাৰ সমান্তৰালকৈ সেই দুজনক বাংলাদেশী মুদ্ৰাত ২৫০০ টকা দি সীমান্ত পাৰ কৰাই লৈ অহা বুলি এক চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰিছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ আলী নামৰ নামৰ দালালজন অসমৰ কোনো চৰাঞ্চলৰ আৰু হালিম নামৰ আন দালাল জনৰ ঘৰ বাংলাদেশৰ ঢাকাৰ বুলি জনাইছিল। আনকি, স্বামীসহ মুঠ ১৭ জনীয়া বাংলাদেশী নাগৰিকৰ এটি দল সীমান্ত পাৰ হৈ ধুবুৰীলৈ অহা বুলিও এক বিস্ফোৰক স্বীকাৰোক্তিও দিছিল আখতাৰে। এইদৰে অবৈধ ভাবে বাংলাদেশী নাগৰিকৰ এটি দল অনায়াসে ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত বিএছএফৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ধুবুৰী তথা অসমলৈ প্ৰৱেশ কৰাৰ ঘটনাই স্বাভাবিক ভাবেই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ধুবুৰীত। ইপিনে, মহিলা গৰাকীক শোধপোচ কৰি কি তথ্য পাইছে সেই সন্দৰ্ভত বৰ্তমানলৈ একো সদৰি কৰা নাই ধুবুৰী আৰক্ষীয়ে। জানিব পৰা মতে, মহিলা গৰাকীয়ে উল্লেখ কৰা সেই ১৭ জনীয়া বাংলাদেশী নাগৰিকৰ দলটোৰ ১২ গৰাকী ইতিমধ্যে বহিঃ ৰাজ্যলৈ গমন কৰা বুলি সন্দেহ কৰা হৈছে আৰু সেই অনুসৰি কেইবাখনো ৰাজ্যৰ আৰক্ষীক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰা হোৱা বুলি প্ৰকাশ। ইপিনে, আৰক্ষীৰ প্ৰাথমিক তদন্তত মহিলা গৰাকীয়ে ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তইদি খোঁজকাঢ়ি অসমলৈ প্ৰৱেশ কৰা বুলি পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। প্ৰায় ২৪ ঘন্টীয় সেই কেইবাখনো বাছ আৰু নাওঁ সলনি কৰাৰ পিছত ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হোৱাৰ পিছত সংগোপনে সীমান্ত পাৰ হৈ সুখচৰৰ এটা গৃহত আশ্ৰয় লৈছিল আৰু তাৰ পৰা নদীপথেদি ধুবুৰীলৈ আহিছিল সেই বাংলাদেশী মহিলা গৰাকীয়ে। উল্লেখ্য যে, যোৱা কালি আৰক্ষীয়ে কৰায়ত্ত হোৱাৰ আগে আগে মহিলা গৰাকীয়ে তেওঁলোকৰ ১৭ জনীয়া দলটোৱে দক্ষিণ ভাৰতৰ কোনো এটা কাপোৰৰ মিলত কাম কৰিবলৈ যোৱাৰ কথা থকা বুলিও উল্লেখ কৰিছিল। অৱশ্যে প্ৰকৃত সত্য যিয়েই নহওক কিয় আৰক্ষীৰ তদন্তত উন্মোচিত হ’ব বুলি আশা কৰা হৈছে। কিন্তু, সীমান্তত থকা বিএছএফৰ ২৪ ঘন্টীয়া অতন্ত্র প্ৰহৰাৰ মাজতেই বাংলাদেশী নাগৰিকৰ এটি দলে অনায়াসে ভাৰতলৈ প্ৰৱেশ কৰাৰ এই ঘটনা শংকাজনক বুলি বিবেচিত হোৱাৰ সমান্তৰালকৈ সীমান্তত থকা বিএছএফৰ স্মাৰ্ট ফেঞ্চিং ব্যৱস্থপনাৰ কাৰ্যকাৰিতাৰ ওপৰতো উদয় হৈছে প্ৰশ্ন চিহ্নৰ। ইয়াতে উল্লেখনীয় এয়াও যে, নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ মুঠ ১৩৪.৫ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৪৪ কিলোমিটাৰেই হ’ল উন্মুক্ত নদী সীমান্ত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured