টিহুত বিএড কলেজৰ প্ৰশাসনিক ভৱন উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টম্বৰঃ “এটি শিশুৰ বাবে মাতৃগৰাকী হ’ল প্ৰথম পঢ়াশালি আনহাতে শিক্ষানুষ্ঠান হ’ল শিশুটিৰ দ্বিতীয় পঢ়াশালি। এটি শিশুৰ বুনিয়াদ গঠন হয় নিজৰ পৰিয়ালটোৰ পৰাই। সেয়ে শিক্ষাগ্ৰহনৰ বাবে শিক্ষানুষ্ঠানখনেই এটি শিশুৰ বাবে চূড়ান্ত হব নোৱাৰে।” মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি টিহুত এইদৰে কয়। টিহুৰ সুধাৰাণী–দলৈৰাম পাঠক শিক্ষক শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় (বিএড কলেজ)ৰ তিনিমহলীয়া প্ৰশাসনিক ভৱন আৰু শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী দাসে আৰু কয় যে শিশুগৰাকীক শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ পাছতে অভিভাৱকৰ দায়িত্ব শেষ নহয়। মন্ত্ৰী দাসে নিজৰ পৰিয়ালটোত এক শিক্ষানুষ্ঠানসদৃশ পৰিবেশ গঢ়ি তুলিবলৈ অভিভাৱক সকললৈ আহ্বান জনায়। মন্ত্ৰী দাসে আৰু কয় যে মহাপুৰুষ তথা মহান মনীষীসকলৰ জন্ম অথবা মৃত্যু তিথিত দিয়া চৰকাৰী বন্ধ সমুহ উপভোগ নকৰি বন্ধৰ দিনটোত সেইসকল মহাপুৰুষ তথা মনীষী সকলৰ জীৱনাদৰ্শন আলোকপাত কৰিবলৈ শিক্ষক আৰু অভিভাৱক সকললৈ আহ্বান জনায়। তেওঁ নিজৰ সন্তানক মহাপুৰুষ তথা মনীষী সকলক মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱৰ লগতে বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা আদি মহান মনীষীসকলৰ সৈতে অভিভাৱক তথা শিক্ষক সমাজে পৰিচয় কৰি নিদিলে সন্তানক নিজৰ মহাপুৰুষ, মনীষী, মাতৃভাষা, সংস্কৃতি, ঐতিহ্য তথা গৰিমাৰ পৰা সন্তানক আতঁৰাই ৰখা হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰী দাসে অহা শিক্ষাবৰ্ষৰ পৰা মুখ্যমন্ত্ৰীয়ে চৰিত্ৰ পাঠ বিষয়টো প্ৰৱৰ্তন কৰা হব বুলি কৰা ঘোষনাক আদৰণি জনাই কয় যে চৰিত্ৰ পাঠ বিষয়টোয়ে শিক্ষাৰ্থীসকলৰ চৰিত্ৰ গঠনত সহায়ক হব বুলি মন্তব্য কৰে। তেওঁ লগতে ভুগোল আৰু বুৰঞ্জী বিষয় দুটা বাধ্যতামুলক হব লাগে বুলি গুৰুত্ব আৰোপ কৰি ভূগোল, বুৰঞ্জীয়ে শিক্ষাৰ্থীসকলক শিপাৰ সন্ধান দিব বুলি আশা প্ৰকাশ কৰি কয় যে শিপাই ভাৰতীয় সংস্কৃতি আগবঢ়াই নিব।  সুধাৰানী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ কিশোৰ কুমাৰ তালুকদাৰে আদৰণী ভাষণ দিয়া আৰু প্ৰবক্তা নয়ন জ্যোতি তালুকদাৰে আঁতধৰা আৰু শলাগ জ্ঞাপন কৰা সভাখনত ভাষন আগবঢ়াই মন্ত্ৰী দাসে সুধাৰানী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয়লৈ পাঁচ লাখ টকাৰ অনুদান আগবঢ়েৱা হব বুলিও ঘোষণা কৰে। সভাত পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পবিন্দ্ৰ নাথ দাসে সুধাৰানী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ ইতিহাস ব্যাখ্যা কৰে। সভাত মহাবিদ্যালয়খনৰ ভুমিদাতাৰ জী জোৱাই ক্ৰমে বুলু পাঠক বৰা, ডাঃ শংকৰ বৰা, দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ দিবাকৰ শৰ্মা, অৱসৰী শিক্ষক অনিল কুমাৰ গোস্বামী, অৱসৰী শিক্ষক প্ৰভাকৰ দাস, টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড০ সাৱিত্ৰী বেজবৰুৱা আৰু টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক হৰেকৃষ্ণ মেধিয়ে বক্তব্য আগবঢ়ায়। শেষত অসম সংগীত পৰিৱেশনৰে সভাৰ সামৰণি কৰা হয়। সন্ধিয়া মহাবিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰণাকুছি- হেলচাপাৰা গাঁৱলৈ গৈ অলপতে পথ দুৰ্ঘটনাত মৃত্যু হোৱা নৱম শ্ৰেণীৰ ছাত্ৰী ভাস্বতী কলিতাৰ পৰিয়ালৰ খা-খবৰ লৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰেৰক গুণজিৎ কলিতা

Featured