বিজেপিৰ দখলত ডিমা হাছাও পৰিষদ

🔹 পাহাৰত পুনৰ ফুলিলে পদুম

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰী : বিৰোধীৰ অস্তিত্বক নস্যাৎ কৰি পুনৰ পাহাৰীয়া জিলা ডিমা হাছাওত শাসকীয় দল বিজেপি ৷ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ ঘোষিত ফল অনুসৰি ভোটদান হোৱা ২২টা সমষ্টিৰ ১৯টা সমষ্টি দখল কৰি বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে এখনো আসন লাভ নকৰাকৈ লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছে কংগ্রেছ৷ উল্লেখ্য যে স্বায়ত্তশাসিত পৰিষদৰ ৬খন আসনত ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছিল বিজেপিৰ প্রার্থী৷ যোৱা ৮ জানুৱাৰীত ভোটদান সম্পন্ন হোৱাৰ পাছত কালি ভোটগণনাৰ অন্তত নির্বাচন অনুষ্ঠিত হোৱা ২২টা সমষ্টিৰ ১৯টা শাসকীয় দলটোৱে দখল কৰিবলৈ সক্ষম হয়৷ আন তিনিটা সমষ্টিত নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিছে৷ ইয়াৰ দ্বাৰা পাহাৰীয়া জিলাখনত বিজেপিৰ উন্নয়নমূলক–বিকাশৰ ৰাজনীতিয়ে এইবাৰ বিশেষ প্রাধান্য লাভ কৰিলে৷ পৰিষদ গঠন কৰিবলৈ আৱশ্যক আছিল ১৬খন আসনৰ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ২৫খন আসন লাভ কৰি বিৰোধীৰ অস্তিত্বক নস্যাৎ কৰাই নহয়, পাহাৰীয়া জিলাখনত দলটোৰ শক্তিশালী সাংগঠনিক স্থিতিকো প্রমাণ কৰিলে৷ পৰিষদত দুজন প্রতিনিধি ৰাজ্যপালে মনোনীত কৰে৷ উল্লেখ্য যে নির্বাচনৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ চলাই বিজেপিৰ স্থিতি শক্তিশালী কৰি তুলিছিল৷ সমান্তৰালভাৱে এইবাৰ শাসকীয় দলটোৱে নির্বাচনৰ মূল ইছ্যু হিচাপে লৈছিল উন্নয়ন৷ ইফালে, কালি বিজয়ৰ লগে লগে হাফলঙত বিজেপিৰ সদস্য–কর্মীসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী জিন্দাবাদ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে বিজেপি কর্মীসকলে৷ স্বায়ত্তশাসিত পৰিষদত লাভ কৰা এনে অভাৱনীয় সাফল্যৰ পাছত পুনৰ পৰিষদৰ মুখ্য কার্যবাহী হিচাপে দেৱলাল গার্লোছা নির্বাচিত হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে এতিয়ালৈ বিজেপিয়ে স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷

Featured