৪৬ শতাংশ ভোট বৃদ্ধিৰে ৯৪ বিধানসভা সমষ্টিত বিজেপিৰ জয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত ১১খনতে এনডিএক জয়যুক্ত কৰাৰ বাবে ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনী ফলাফল ঘোষণা কৰাৰ পাছত তেওঁ সামাজিক মাধ্যমত দিয়া এক প’ষ্টৰ জৰিয়তে কয় যে বিগত ৩ বছৰত বিকশিত অসমৰ লক্ষ্যৰে সামগ্রিক পৰিৱর্তন সাধন কৰিবলৈ চলাই অহা অহৰহ প্রচেষ্টাৰ বাস্তৱ প্রতিফলন এই ফলাফল৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যবাসীক উদ্দেশ্যি কয়– ঘোষিত লোকসভা নির্বাচনৰ ফলাফলত অসমৰ ১৪খন আসনৰ ১১খনত বৃহৎ ব্যৱধানেৰে ভাৰতীয় জনতা পার্টী আৰু আমাৰ অংশীদাৰী দলক আশীর্বাদ দিয়াৰ বাবে আপোনালোকক প্রণাম জনাইছোঁ৷ যোৱা ৩ বছৰত আমি বিকশিত অসমৰ লক্ষ্যৰে যি সামগ্রিক পৰিৱর্তন সাধন কৰিবলৈ অহৰহ প্রচেষ্টা চলাই গৈছোঁ, প্রকৃততে আজিৰ ফলাফল তাৰেই বাস্তৱ প্রতিফলন৷ ইফালে, তেওঁ কয় যে ২০১৯ চনৰ লোকসভা নির্বাচনত এনডিএই লাভ কৰা ৩৯ শতাংশ ভোট আৰু ২০২১ চনত লাভ কৰা ৪৪ শতাংশ ভোটৰ তুলনাত এইবাৰ সামগ্রিক ভোটৰ হাৰ ৰাজ্যত ৪০ শতাংশ সংখ্যালঘু ভোটাৰ থকা সত্ত্বেও প্রায় ৪৬ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ অর্থ হ’ল ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৯০টাতে মিত্রজোঁটে অগ্রগতি লাভ কৰিলে, যি ২০২১ চনৰ বিধানসভা নির্বাচনত প্রদর্শনতকৈ বহু উন্নত ফলাফলকে সূচাইছে৷ মুখ্যমন্ত্রীগৰাকীয়ে পুনৰবাৰ ৰাজ্যবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয়– আপোনালোকৰ আশীর্বাদ আৰু সম্পূর্ণ সহযোগিতা তথা নৰেন্দ্র মোদীৰ আশীর্বাদত আমি অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্রতিষ্ঠা কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈ আছোঁ৷

Featured