পথাৰৰ মাজত পুখুৰীৰ পাৰত বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

🔹 মুকালমুৱাৰ নাৰায়ণপুৰত চাঞ্চল্য

নিয়মীয়া বাৰ্তা,  ২৭ ফেব্ৰুৱাৰী : মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁৱত পথাৰৰ মাজৰ এটা পুখুৰীৰ পাৰত আজি এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি নিশা কোনো লোকে যুৱকজনক হত্যা কৰি পথাৰৰ মাজত পেলাই যৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। পুৱাই স্থানীয় লোকে পুখুৰীৰ পাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি মুকালমুৱা আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো নাৰায়ণপুৰ গাঁও ৰিজাৰ্ভৰ দিনহাজিৰা কৰা বিবাহিত যুৱক সঞ্জয় বৰ্মন (৩২)ৰ বুলি চিনাক্ত কৰে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে। মৃতদেহটোৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্টকৈ থকা বুলি জানিব পৰা গৈছে। অৱশ্যে কোনে কি কাৰণত দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনক হত্যা কৰিলে, সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। লক্ষণীয় যে ঘটনাস্থলীত সুৰাৰ বটল পৰি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। দিনহাজিৰা কৰা যুৱকগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোত আছে দুই সন্তানসহ পত্নী।

প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা
Featured