চামগুৰিৰ চিমনাবস্তিত ঘৰৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰ, সংকটজনক এজন

নিয়মীয়া বাৰ্তা, ২৭ জুন : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত শালনা অঞ্চলৰ ১নং চিমনাবস্তিত ঘৰৰ ভিতৰত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে এজন লোক সংকটজনক অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, শালনা আৰক্ষী চকীৰ অন্তৰ্গত ১নং চিমনাবস্তি নিবাসী বিনোদ গড় আৰু পত্নী মীনা গড়ৰ মাজত মাজে সময়ে কাজিয়াৰ সূত্ৰপাত হৈ আহিছিল ৷ আজি পুৱা বিনোদ গড়ৰ লগতে তেওঁৰ পত্নী মীনা গড়ক সমীপৰ একাংশ লোকে প্ৰত্যক্ষ নকৰাত সন্দেহ হয় ৷ পৰৱৰ্তী সময়ত বিনোদ গড়ৰ ঘৰৰ সমীপৰ স্থানীয় একাংশ লোকে দুয়োগৰাকীক ঘৰৰ ভিতৰত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত শালনা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মীনা গড় নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বিনোদ গড়ক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে ৷ মৃত মহিলাগৰাকীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে৷ আনহাতে, আৰক্ষীৰ দলটোৱে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা লোকজনক চিকিৎসাৰ বাবে প্ৰথম নগাঁৱলৈ আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, নিশা সুৰাসক্ত হৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ এনে ঘটনা সংঘটিত হ’ল বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ কাজিয়াৰ সূত্ৰপাত হৈ এনে ঘটনা সংঘটিত হ’ল নে কোনো দুৰ্বৃত্তই উক্ত নৃশংস কাণ্ড সংঘটিত কৰিলে সেই সন্দৰ্ভত ৰহস্যৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে এমাহ পূৰ্বে একেটা অঞ্চলতে এটা ঘৰৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে আন এগৰাকী মহিলাক সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । একে ধৰণৰ এক ঘটনা সংঘটিত হোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত নগাঁও জিলা আৰক্ষী অধীক্ষক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, শালনা আৰক্ষী চকীৰ আৰক্ষী, চামগুৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শককে ধৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু ফৰেনছিকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

Featured