শদিয়াত উদ্ধাৰ কাকপথাৰৰ ব্যৱসায়ী পৰিয়ালৰ শোভা শ্বাহৰ মৃতদেহ

🔹 ২৫ আগষ্টত পৰশুৰাম কুণ্ডত গা ধুবলৈ লওঁতে হৈছিল নিখোজ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : যোৱা ২৫ আগষ্টত অৰুণাচলৰ প্ৰদেশৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ডত গা ধুবলৈ গৈ অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটা পৰিয়ালৰ তিনিজনকৈ সদস্য নিখোজ হৈ আছিল। এই সমগ্ৰ ঘটনাৰ দুদিন উকলি যোৱাৰ পিছত শদিয়াৰ লুইত নৈৰ পাৰত পৰিয়ালটোৰ এগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ হয় যদিও বৰ্তমানলৈকে দুজন সদস্যৰ কোনো সম্ভেদ পোৱা হোৱা নাই বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টত কাকপথাৰৰ মনোজ শ্বাহ (৪৮) নামৰ এজন ব্যৱসায়ীৰ পৰিয়ালৰ ৫জনকৈ সদস্যই অৰুণাচল প্ৰদেশৰ লুইত জিলাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ স্থান পৰশুৰাম কুণ্ডত গা ধুবলৈ লওঁতে ইয়াৰে তিনিজনকৈ সদস্য ক্ৰমে ব্যৱসায়ী মনোজ শ্বাহ (৪৮) , লীলাৱতী দেৱী (৬০) , শোভা শ্বাহ ( ৩৮) নিখোজ হৈছিল । ঘটনাৰ দুদিন পিছত শদিয়াত লুইত নদীত ভবলা গাঁৱৰ সমীপৱৰ্তী অঞ্চলত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । উল্লেখ্য যে গাঁওখনৰ কিছু লোকে পুৱাৰ ভাগত নৈৰ চাপৰিৰ গৰু খুঁটিলৈ গৈ থকা অৱস্থাত নৈৰ পাৰৰ সুঁতিত মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে কাকপথাৰৰ পৰা নিখোজ হৈ থকা লোককেইজনৰ আত্মীয়ই আহি মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু নিশ্চিত হয় যে উদ্ধাৰ হোৱা মৃতদেহটো ২৫ আগষ্টত নিখোজ হোৱা লোককেইজনৰ অন্যতম এজন আৰু ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্ত কৰি নিশ্চিত কৰিছে যে মৃতদেহটো নিখোজ হোৱা শোভা শ্বাহ (৩৮) নামৰ মহিলাগৰাকীৰ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আহি মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিবলৈ যাৱতীয় ব্যৱস্থা কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শদিয়া অসামৰিক চিকিৎসালয়লৈ মৃতদেহ প্ৰেৰণ কৰিছে আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু এছ ডি আৰ এফ জোৱানসকলে লুইতৰ বুকুত আন ২টা মৃতদেহ উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছে ।
প্ৰেৰক সমৰ গগৈ
Featured