বাৰিষাৰ পূৰ্বেই ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপ

🔹 ঢকুৱাখনা-মাজুলীৰ প্ৰতি তীব্ৰ ভাবুকি

🔹 সুৰক্ষা আঁচনি ৰূপায়ণৰ নামত ভেঁকো-ভাওনা : নৈৰ বুকুত জাহ গৈছে জিঅ’বেগ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : ভয়ানক খহনীয়াই সূচনা কৰিছে ভয়ংকৰ ভৱিষ্যতৰ। বাৰিষাৰ পূৰ্বেই ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। ঢকুৱাখনা জলসম্পদ বিভাগৰ একাংশ বিষয়া-অভিযন্তাৰ কমিছনলোভী মানসিকতা, কাৰিকৰী জ্ঞানহীনতাৰ বাবে বৃহৎ অংকৰ ধন ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক প্ৰযুক্তিৰ সুৰক্ষা আঁচনিসমূহ একপ্ৰকাৰ বিফল কৰি পুনৰ ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীৰ প্ৰতি সূচনা কৰিছে ভয়ংকৰ ভৱিষ্যতৰ। ঢকুৱাখনাত বাৰিষা অহাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰি বিগত এটা সপ্তাহৰ ভিতৰতে বান্দেনাৰ ৬ নম্বৰ স্পাৰৰ প্ৰায় ৫০ মিটাৰ অংশ উটুৱাই নিয়ে। স্পাৰটোৰ নদীৰ ফালে আৱৰি থকা বহুসংখ্যক জিঅ’বেগ আৰু এপ্ৰ’ন ইতিমধ্যে জাহ গৈছে নৈৰ বুকুত। উল্লেখ্য যে ঢকুৱাখনা-মাজুলীৰ সুৰক্ষাকৱচ চিচি-টেকেলীফুটা মথাউৰিৰ সুৰক্ষাৰ বাবে বান্দেনাত জলসম্পদ বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ তত্ত্বাৱধানত এছ অ’ পি বি (জি) শিতানৰ ১০ কোটি টকাৰে ২০২২-২৩ বৰ্ষত নিৰ্মাণ কৰা চেক বান্ধটো খহনীয়াই তচনচ কৰে। ফলত জিঅ’ বেগ আৰু জিঅ’ কাৰ্পেটেৰে নিৰ্মিত বান্ধটোৰ বৃহৎ পৰিমাণৰ খহনীয়া প্ৰতিৰোধী সামগ্ৰী নদীৰ বুকুত জাহ গ’ল । নিমিষতে উছন হ’ল কোটিটকীয়া খহনীয়া প্ৰতিৰোধ আঁচনি । তদুপৰি চেক বান্ধটোৰ উজনিত প্ৰায় ১০ কোটি টকা ব্যয়েৰে সংস্থাপন কৰা প্ৰায় ১৫টা পকী পাৰ্কুপাইন আঁচনি উটুৱাই নিলে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। জলসম্পদ বিভাগৰ গাফিলতি আৰু সঠিক সময়ত চেক বান্ধটো সুৰক্ষাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই ভয়ংকৰ ৰূপ লোৱা খহনীয়াই অঞ্চলটোৰ নৈপৰীয়াক আতংকিত কৰি তুলিছে। খহনীয়াত যিকোনো মুহূৰ্ততে সমগ্ৰ ৬নং বান্দেনা চেক বান্ধটো জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। বাৰিষাৰ পূৰ্বেই ৬ নম্বৰ বান্দেনা চেক বান্ধৰ জিঅ’বেগ সংস্থাপন আঁচনিৰ জাহ যোৱাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী।এনেদৰে খহনীয়া অব্যাহত থাকিলে বান্দেনা চেক বান্ধটোৰ পশ্চিম দিশত নাবাৰ্ডৰ অৰ্থ সাহায্যৰে আৰ আই পি এফ আঁচনিৰ অধীনত ১৭ কোটি ২০ লাখ টকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে চলিত বৰ্ষত বাঘচুকত নিৰ্মাণ কৰা লেণ্ড স্পাৰ দুটাও অচিৰেই ব্ৰহ্মপুত্ৰ নদীয়ে উটুৱাই নিয়াটো প্ৰায় নিশ্চিত। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো, সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনৰ দায়িত্বজ্ঞানহীন ভূমিকাৰ বাবে সমাগত বাৰিষা কালত ঢকুৱাখনাত অবৰ্ণনীয় সমস্যাই দেখা দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে নৈপৰীয়াই। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত জীৱন নিৰ্বাহ কৰা আৰু নদীখনৰ চৰিত্ৰ সম্পৰ্কে জ্ঞান থকা স্থানীয় লোকে কৰা অভিযোগ মতে, চেক বান্ধটোৰ সুৰক্ষাৰ বাবে খৰালি অৰ্থাৎ জলস্তৰ কম হৈ থাকোঁতে আৰ চি চি পাৰ্কিউপাইন স্থাপনৰ ব্যৱস্থা নকৰাৰ বাবে বৰ্তমান চেক বান্ধটো ব্যাপক খহনীয়াৰ সন্মুখীন হৈছে। যোৱা দুদিনত কিছুসংখ্যক পাৰ্কিউপাইন স্থাপনৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া অতি নিম্নমানৰ বুলি ৰাইজে অভিযোগ কৰিছে আৰু সংবাদ মাধ্যমৰ লোকেও চৰজমিন পৰ্যবেক্ষণত প্ৰত্যক্ষ কৰে। ইফালে, অশোক কুমাৰ আগৰৱালা নামৰ ঠিকাদাৰ এজনে যোগান ধৰা পাৰ্কিউপাইনসমূহ বিভাগীয় মান নিয়ন্ত্ৰণ গোটে নিম্নমানৰ আৰু ব্যৱহাৰৰ অনুপযোগী বুলি গণ্য কৰিছিল। কিন্তু সেইখিনি পাৰ্কিউপাইনেই ব্যৱহাৰ কৰি জনতাৰ জীৱন আৰু সম্পত্তিৰ লগত ল’ৰা-ধেমালি কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। ৰাইজে জলসম্পদ বিভাগৰ একাংশ উচ্চ পৰ্যায়ৰ বিষয়াই ঠিকাদাৰৰ লগত মিতিৰালি কৰাৰ ফলতেই বৰ্তমান খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে এই চেক বান্ধ তথা নৱনিৰ্মিত লেণ্ড স্পাৰ দুটা খহনীয়াৰ গৰাহত পৰিলে মাজুলীৰ পৰা বগীবিল দলঙৰ সমীপলৈ কেইবাশ কোটি টকা ব্যয় কৰি দ্বি-লেনলৈ উন্নীত কৰা ব্ৰহ্মপুত্ৰৰ মথাউৰিটোও খহনীয়াৰ কবলত পৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ব। এই খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । ৰাইজৰ দাবী- ঠিকাদাৰ আৰু ঢকুৱাখনা জলসম্পদ বিভাগৰ লুণ্ঠনৰ ফলতেই এতিয়া নিতৌ নদীৰ বুকুত জাহ গৈছে কোটিটকীয়া জিঅ’বেগ, জিঅ’ মেটচ। জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তা আৰু সংশ্লিষ্ট ঠিকাদাৰে লুণ্ঠনৰ স্বাৰ্থতেই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি খহনীয়া প্ৰতিৰোধৰ নামত ভেঁকো-ভাওনা কৰিছে। ঢকুৱাখনা-মাজুলীৰ ভৌগোলিক অস্তিত্ব, নাগৰিকসকলৰ জীৱন-সম্পত্তি, আৰ্থ-সামাজিক, শৈক্ষিক পৰিকাঠামো, বৰ্তমানৰ উন্নত আন্তঃগাঁথনি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ তথা মূল্যৱান দ্বিলেনযুক্ত পথ তথা মথাউৰিটো সুৰক্ষিত কৰি ৰাখি কেইবাহাজাৰ কোটি টকাৰ সা-সম্পত্তি ৰক্ষা কৰাৰ স্বাৰ্থত এই খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে।

Featured