দালালক ৰক্ষণাবেক্ষণ আৰক্ষী বিষয়াৰ, উত্তেজিত জনসাধাৰণ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ দালালৰ নতুন নাম হ’ল ছ’ৰ্চ’ (Source) আৰক্ষীৰ নিৰ্দেশত চ’ৰ্চে আধিপত্য চলোৱাৰ অভিযোগ। দালালৰ আঙুলি ঠাঁৰত আৰক্ষী বিষয়াই উঠা-বহা কৰা। আৰক্ষী বিষয়াই একাংশ দালালক ৰক্ষণাবেক্ষণ দিয়া, ডেকা-বুঢ়া, পুৰুষ-মহিলা সকলোকে আৰক্ষীক গোচৰ দিব গ’লেই হেণ্ডকাফ লগোৱা বুলিও অভিযোগ। এফালে মুখ্যমন্ত্ৰীৰ দালালৰাজ উৎখাতৰ কাঢ়া নিৰ্দেশ, সমান্তৰালকৈ আকৌ কামৰূপৰ টুপামাৰী আৰক্ষী চকীত ওলোটা ছবি। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাৰদেৱ সিংয়ে টুপামাৰী আৰক্ষী চকীত একাংশ দালালক পুহি ৰখা বুলিও অভিযোগ। আনহাতে দালাল নহয়, আৰক্ষীৰ মতে দালালৰ নতুন সংজ্ঞা হেনো ছ’ৰ্চ (Source)হে। ছাগলীয়ে খেতি খোৱাক কেন্দ্ৰ কৰি আৰক্ষী চকীলৈ ভুক্তভোগী গৈছিল এজাহাৰ দিবলৈ। পিছে এজাহাৰ লোৱাৰ পৰিবৰ্ত্তে গুৰুলাগুৰুলকৈ এজাহাৰকাৰী পক্ষৰ এজনক প্ৰহাৰ কৰা বুলিও অভিযোগ। আনকি একেই কাণ্ডত এগৰাকী মহিলাকো আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰাৰো অভিযোগ। একাংশ দালালক প্ৰশ্ৰয় দি আৰক্ষী বিষয়া হৰদেৱ সিংয়ে মদ্যপান কৰি ছাগলী চুৰি কৰা বুলি অশ্লীল গালিগালাজৰ উপৰি এগৰাকী মহিলাক বুকুত ধৰি গটিয়াই পঠিওৱা বুলিও অভিযোগত উল্লেখ। আৰক্ষী বিষয়াগৰাকীয়ে এগৰাকী বৃদ্ধ লোককো প্ৰহাৰ কৰা বুলিও অভিযোগ। অৱশেষত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেৱ সিঙৰ এনে উদ্ধতালিৰ বিৰুদ্ধে ন্যায় বিচাৰি স্থানীয় বহু লোক আজি নগৰবেৰা থানাত সমবেত হয়। প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা কোন এই হৰদেৱ সিং? এনে আৰক্ষী বিষয়াৰ বাবেই সুদূৰপৰাহত হ’বগৈ নেকি জনহিতাৰ্থে জনসেৱাৰ্থে আৰক্ষীৰ শ্ল’গান!!!

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured