কেন্দ্রক অবৈধ বাংলাদেশীৰ হিচাপ দাখিলৰ নির্দেশ

🔹 নাগৰিকত্ব আইনৰ ৬(এ) ধাৰাক লৈ শুনানিত কঠোৰ ছুপ্রিম ক’ৰ্ট

বিশেষ বার্তা,  ৮ ডিচেম্বৰ : নাগৰিকত্ব আইনৰ ৬–এ ধাৰাক প্রত্যাহ্বান জনোৱা আবেদনৰ তৃতীয় দিনা শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে কালি অবৈধ বাংলাদেশীৰ প্রব্রজনক লৈ কেন্দ্রীয় চৰকাৰক জবাবদিহি কৰে৷ অসম চুক্তিমর্মে নাগৰিকত্ব আইনত সংযোজিত ৬–এ ধাৰাৰ জৰিয়তে নির্ধাৰণ কৰি দিয়া ‘কাট অফ ডেট’ৰ (১৯৭১ চনৰ ২৫ মার্চ) পিছত অসমকে ধৰি সমগ্র দেশত কিমানসংখ্যক অবৈধ প্রব্রজনকাৰীয়ে থিতাপি লৈছে তাৰ এটা আনুমানিক হিচাপ শপতনামাযোগে প্রদান কৰিবলৈ সাংবিধানিক বিচৰপীঠে কেন্দ্রক নির্দেশনা জাৰি কৰে৷ মন কৰিবলগীয়া যে মঙলবাৰৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক শুনানিৰ প্রথম দুদিনত ৬–এ ধাৰাক প্রত্যাহ্বান জনোৱা আবেদনকাৰীসকলৰ শুনানি গ্রহণ কৰাৰ পিছত কালি সাংবিধানিক বিচাৰপীঠৰ সমুখত কেন্দ্রীয় চৰকাৰৰ হৈ ৬–এ ধাৰাৰ সপক্ষে প্রথমতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু এটর্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে যুক্তি প্রদর্শন কৰে৷ পিছত হস্তক্ষেপকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু ইন্দিৰা জয়সিঙে অসম চুক্তিৰ হকে তথা ৬–এ ধাৰাৰ প্রয়োজনীয়তাৰ ওপৰত যুক্তি আগবঢ়ায়৷ লক্ষণীয়ভাৱে ছলিচিটৰ জেনেৰেল মেহতাই অবৈধ অনুপ্রৱেশৰ ফলস্বৰূপে অসমত খিলঞ্জীয়াৰ সাংস্কৃতিক, ৰাজনৈতিক পৰিচয়ৰ প্রতি ভাবুকি অহা বুলি আবেদনকাৰীসকলে ব্যক্ত কৰা উদ্বিগ্ণতাৰ সৈতে সহমত পোষণ কৰে যদিও নাগৰিকত্ব আইনৰ পৰা ৬–এ ধাৰাৰ কর্তনে উক্ত সমস্যাৰ সমাধান হ’ব নোৱাৰে বুলি মত ব্যক্ত কৰে৷ ইপিনে, কেন্দ্রীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ দিয়া নির্দেশনাত ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অহা অবৈধ বাংলাদেশীৰ আনুমানিক সংখ্যা প্রদান কৰাৰ উপৰি ৬–এ ধাৰা মর্মে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মার্চলৈকে কিমানসংখ্যক প্রব্রজনকাৰীক নাগৰিকত্ব প্রদান কৰা হ’ল সেই তথ্যও প্রদান কৰিব লাগিব৷ ইয়াৰ পিছত উক্ত পাঁচ বছৰৰ কালছোৱাত ১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণৰ নির্দেশনাৰ জৰিয়তে কিমানসংখ্যক বিদেশী চিহ্ণিত হৈছিল সেই তথ্যও বিচৰা হৈছে৷ ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অহা অবৈধ প্রব্রজনকাৰীসকল চিহ্ণিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে কিমানসংখ্যক বিদেশী ন্যায়াধিকৰণ স্থাপন কৰিছে, কিমানসংখ্যক বিদেশী গোচৰ নিষ্পত্তি হৈছে, কিমান গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে, এটা গোচৰ নিষ্পত্তি কৰিবলৈ গড় হিচাপত কিমান সময়ৰ প্রয়োজন হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত কিমানসংখ্যক বিদেশী সংক্রান্তীয় গোচৰ অমীমাংসিত অৱস্থাত আছে সেই তথ্য শপতনামাত দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷ আনহাতে, নির্দেশনাত সীমান্ত ব্যৱস্থাপনাক লৈও জবাবদিহি কৰা হৈছে৷ উত্তৰ–পূর্বাঞ্চলত বিশেষকৈ অসমত অবৈধ প্রব্রজন ৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে প্রশাসনিক পর্যায়ত কি কি ব্যৱস্থা গ্রহণ কৰিছে সেই তথ্যও বিচৰা হৈছে৷ বিশেষকৈ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণক লৈ বিস্তাৰিত তথ্য প্রদানৰ লগতে সীমান্ত ছীল কৰিবলৈ গ্রহণ কৰা সময়সীমাৰ কথা শপতনামাত উল্লেখ কৰিবলৈ সাংবিধানিক বিচাৰপীঠে  নির্দেশ দিয়ে৷ মঙলবাৰে পুনৰ সাংবিধানিক বিচাৰপীঠে শুনানি গ্রহণ কৰিব৷ তাৰ পূর্বে সোমবাৰে কেন্দ্রীয় চৰকাৰে উক্ত শপতনামা দাখিল কৰিব লাগিব৷ ইপিনে, কালিৰ শুনানিকালত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ লগতে ন্যায়াধীশ এম এম সুন্দ্রেশে কেইবাটাও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়৷ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে আনকি নির্ধাৰণ কৰি দিয়া কাট অফ ডেটসমূহৰ যুক্তিযুক্তকাতক লৈও প্রশ্ন উত্থাপন কৰে৷ ন্যায়াধীশ সুন্দ্রেশৰ প্রশ্ন– ১৯৭১ৰ পিছত চিহ্ণিত হোৱা কিমানসংখ্যক বিদেশীক কেন্দ্রই বহিষ্কাৰ কৰিব পাৰিছে? নিজৰ প্রশ্নৰ নিজেই উত্তৰ প্রদান কৰি ন্যায়াধীশজনে কয় যে এজনকো কৰা নাই৷ বিদেশী সমস্যা সমাধানত শাসক যন্ত্রই গ্রহণ কৰা পদক্ষেপ আৰু ন্যায়াধিকৰণসমূহৰ কাম–কাজৰ মাজত বিস্তৰ ব্যৱধান আছে৷ আকৌ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ বক্তব্য– ৬–এৰ জৰিয়তে এচাম প্রব্রজনকাৰীয়ে নাগৰিকত্ব লাভ কৰিছে৷ পিছে যিসকল অবৈধ প্রব্রজনকাৰীয়ে উক্ত ধাৰাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা নাই তেওঁলোকৰ অৱস্থান কি? তেওঁলোক নাগৰিকো নহয় অথচ ভাৰত ভূখণ্ডত থাকি গৈছে৷ এইবোৰ বিষয়ত চৰকাৰে কেতিয়াও মনোযোগ দিয়া নাই বুলি তেওঁ ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হয়৷ এই প্রসংগত ছলিচিটৰ জেনেৰেলে ১৯৭২ চনত বাংলাদেশৰ তদানীন্তন প্রধানমন্ত্রীয়ে ১৯৭১ৰ ২৫ মার্চৰ পিছত ভাৰতলৈ প্রৱেশ কৰা বাংলাদেশী লোকসকলক ঘূৰাই দিয়াৰ প্রতিশ্রুতিৰ কথা দোহাৰে৷ পিছে মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে স্পষ্ট কৰি দিয়ে যে প্রতিশ্রুতি আৰু ব্যৱস্থাপনাৰ মাজতে পার্থক্য আছে৷ লক্ষণীয়ভাৱে তেওঁ কালি কেৱল অসমৰ বাবেই কিয় নাগৰিকত্ব আইনৰ ৬–এ ধাৰা প্রস্তুত কৰা হ’ল তাক লৈও প্রশ্ন উত্থাপন কৰে৷ বাংলাদেশৰ সৈতে পশ্চিমবংগৰ সীমান্ত অসমতকৈ বহু বেছি হোৱা সত্ত্বেও উক্ত ৰাজ্যখন এই ধাৰাৰ পৰা কেনেকৈ অব্যাহতি পালে তাক লৈও তেওঁ প্রশ্ন উত্থাপন কৰে৷ তদুপৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰিছে নে নাই সেয়াও তেওঁ কেন্দ্রৰ পৰা জানিব বিচাৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত ছলিচিটৰ জেনেৰেল মেহতাৰ বক্তব্য– যিহেতু এজন বাংলাদেশী মূলতঃ বাঙালী, সেয়েহে তেওঁলোকৰ খাদ্যাভ্যাস, পোছাক–পাতি সকলোৱেই পশ্চিমবংগৰ বাঙালীসকলৰ সৈতে একেই৷ তেওঁলোক সহজেই মিলি যায়৷ আৰু তাৰ বাবেই পশ্চিমবংগত প্রব্রজনক লৈ কোনোধৰণৰ আন্দোলন বা বিদ্রোহ হোৱা নাছিল৷ পিছে ইয়াৰ অর্থ এয়া নহয় যে চৰকাৰে অবৈধ প্রব্রজনকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰিব, সেই কথাও ছলিচিটৰ মেহতাই বিচাৰপীঠৰ সমুখত স্বীকাৰ কৰে৷ পিছত এটর্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে কয় যে নাগৰিকত্ব আইনৰ ৬–এ ধাৰাটো হৈছে এটা নির্দিষ্ট সময়সীমাত এখন নির্দিষ্ট ৰাজ্যৰ বাবে প্রযোজ্য ধাৰা৷ বৃহত্তৰ স্বার্থৰ বাবেই সেই সময়ত সংসদে উক্ত পদক্ষেপ ল’বলৈ বাধ্য হৈছিল৷ আনহাতে হস্তক্ষেপকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালৰ বক্তব্য– প্রব্রজন হৈছে ইতিহাস খচিত এটা বিষয়৷ ইয়াক আমি নির্দিষ্টকৈ অংকিত কৰিব নোৱাৰিম৷ অসমত ১৯৪৭ চনৰ পৰা নহয়, কেইবা শতিকা ধৰি বিভিন্ন জাতি–জনগোষ্ঠী প্রব্রজিত হৈ আহিছে৷ আনকি ১৮২৬ চনৰ পিছতো ঘটা প্রব্রজনৰ ইতিহাস অসমত আছে৷ ইয়াৰ পিছতেই মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে এক তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়৷ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ মতে, জনবিন্যাসত ঘটা সালসলনিৰ বাবে সংশ্লিষ্ট সংস্কৃতিত বিৰূপ প্রভাৱ পৰা বুলি দর্শোৱা যুক্তিৰ কোনো ভিত্তি নাই ভাৰতৰ দৰে এখন বৈচিত্র্যময় ভূখণ্ডত৷ ভাৰত হ’ল এখন সত্তা৷ সেয়েহে কোনো এখন ৰাজ্যৰ লোকে অভিযোগ আনিব নোৱাৰে যে আন ৰাজ্য বা প্রান্তৰ পৰা অহা লোকে আমাৰ সংস্কৃতি বিনষ্ট কৰি আছে বুলি৷ ভাৰতীয় সংবিধান অনুসৰি এনে ধৰণৰ চিন্তা অতিশয় বেয়া বুলি মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে মত ব্যক্ত কৰে৷ আনহাতে, জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে অসমীয়া সংস্কৃতি বিভিন্নভাৱে সুৰক্ষিত থকা বুলি যুক্তি প্রদর্শন কৰি কয় যে অসমত অসমীয়া সংবিধান অনুসূচিত চৰকাৰী ভাষা হিচাপে এতিয়াও প্রতিষ্ঠা লাভ কৰি আছে৷ অসমীয়া লিপিৰ প্রতিও কোনো ভাবুকি নাই৷ দৰাচলতে অসম হৈছে দেশৰ ভিতৰত অন্যতম বৈচিত্র্যময় ৰাজ্য৷ কাৰণ শতিকাৰ পিছত শতিকা ধৰি অসমত গণ প্রব্রজন হৈ আহিছে৷ ইন্দিৰা জয়সিঙে আনকি খিলঞ্জীয়া শব্দৰ কোনো সাংবিধানিক সংজ্ঞা নথকা হেতু শব্দটো প্রয়োগৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিবলৈ সাংবিধানিক বিচাৰপীঠক অনুৰোধ জনায়৷ অনুৰূপভাৱে সংবিধানৰ ২৯ সংখ্যক অনুচ্ছেদৰ অধীনত সংস্কৃতি শব্দৰো নির্দিষ্ট কোনো ধাৰণা দাঙি ধৰা হোৱা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত মুখ্য ন্যায়াধীশ চন্দ্রচূড়েও কয় যে সংস্কৃতি হৈছে এটা নিৰাকাৰ ধাৰণা৷ আমি ভাৰতীয় সংস্কৃতিৰ কথা কওঁ৷ আৰু এই ভাৰতীয় সংস্কৃতি হৈছে সমন্বয়ৰ সংস্কৃতি৷ উল্লেখ্য যে মঙলবাৰে গ্রহণ কৰিবলগীয়া পৰৱর্তী শুনানিত আবেদনকাৰীসকলক পুনৰ যুক্তি প্রদর্শন কৰিবলৈ দিয়া হ’ব৷ উল্লেখ্য যে ৬–এ ধাৰাক প্রত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্রহণ কৰা মুখ্য ন্যায়াধীশ চন্দ্রচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হৈছে ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ এম এম সুন্দ্রেশ, ন্যায়াধীশ জে বি পর্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্র৷

Featured