আৰক্ষীৰ জিম্মাত যুৱকক নিৰ্যাতন : ডবকা থানাৰ এছআইৰ বিৰুদ্ধে এজাহাৰ

নিয়মীয়া বাৰ্তা, ২৪ মে’ : হোজাই জিলাৰ ডবকাৰ পশ্চিম জাৰুণী গাঁৱৰ ছাইদুল ইছলাম নামৰ এজন ব্যক্তি আৰু তেওঁৰ ভাতৃয়ে যোৱা ২১ মেত পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে ডবকা থানাত এক এজাহাৰ দাখিল কৰিছিল৷ গোচৰ দুটাৰ তদন্ত কৰিবলৈ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সহকাৰী উপ পৰিদৰ্শক মণিকান্ত স্বজাতি নামৰ বিষয়াজনক তদন্তৰ দায়িত্ব দিয়ে৷ অৱশ্যে পৰৱৰ্তী বিষয়টো পৰিয়ালৰ লোকৰ মধ্যস্থতাত সমাপ্ত হয়৷ এনে অৱস্থাত যোৱা ২১ মে তাৰিখে সন্ধিয়া ৫:৩০ মান বজাত ডবকা থানাৰ উপ পৰিদৰ্শক ভাস্কৰ বৰাই থানাৰ লকাপৰ সন্মুখৰ কোঠাত হঠাৎ প্ৰৱেশ কৰি আৰক্ষীৰ জিম্মাত থকা ছাইদুল ইছলাম নামৰ যুৱকজনক যধে-মধে প্ৰহাৰ কৰা আৰম্ভ কৰে৷ আৰক্ষী বিষয়াজনৰ ঘোচা আৰু ভৰিৰে গচকি দিয়াত ছাইদুল ইছলাম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ লগে লগে যুৱকজন থানাৰ ভিতৰতে ঢলি পৰে৷ অৱশ্যে প্ৰাণৰ ভয়ত বিষয়টো যুৱকজনে কাকো কোৱা নাছিল। পৰৱৰ্তীকালত ভাতৃদ্বয়ৰ বিবাদ মীমাংসা হোৱাত লিখিত আপোচনামা দাখিল কৰি ভাতৃদ্বয় ঘৰত যায় কিন্তু ভুক্তভোগীয়ে আঘাতপ্ৰাপ্ত অংশত প্ৰচণ্ড বিষ অনুভৱ কৰে আৰু হোজাই হাম চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰে। এই সংক্ৰান্তত যোৱা ২৩ মে’ত যুৱকজনে ডবকা থানাৰ উপ পৰিদৰ্শক ভাস্কৰ বৰাৰ বিৰুদ্ধে ডবকা থানাত লিখিত এজাহাৰ দাখিল কৰি ন্যায়ৰ আবেদন জনায়। আচৰিত কথাটো যে উল্লেখিত বিতৰ্কিত বিষয়াজন ভুক্তভোগী বা তাৰ বিপৰীত পক্ষৰ অভিযোগ তদন্তৰ তদন্তকাৰী বিষয়া নাছিল, তেনেক্ষেত্ৰত কিয় নিজৰ হাতত আইন তুলি ল’লে? উল্লেখ্য যে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে যিমানেই অসম আৰক্ষীক ৰাইজৰ ওচৰ চপাব  বিচাৰি আছে, সেই সময়ত একাংশ আৰক্ষী বিষয়াই বিভাগটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাত উঠিপৰি লাগিছে৷ এই কথা পুনৰ প্ৰমাণিত কৰিলে ডবকা আৰক্ষী থানাত কৰ্তব্যৰত আৰক্ষী উপ পৰিদৰ্শক ভাস্কৰ বৰাই। এই সমগ্ৰ ঘটনা ডবকা থানাৰ সেই নিৰ্দিষ্ট কোঠাত থকা চিচিটিভিত নিশ্চয় সংৰক্ষিত থাকিব বুলি এজেহাৰত উল্লেখ কৰে ছাইদুল নামৰ লোকজনে৷ উল্লেখ্য যে উক্ত বিষয়াজনৰ বিৰুদ্ধে পূৰ্বে হোজাই থানাত কৰ্তব্যত থকা অৱস্থাত হোজাইৰ এগৰাকী সাংবাদিকক মানসিক নিৰ্যাতন চলাই চাকৰিৰ পৰা নিলম্বন হৈছিল৷ ২১ নৱেম্বৰ ২০২২ বৰ্ষত তদানীন্তন হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত এইগৰাকী ভাস্কৰ বৰাক তৎকালিনভাৱে নিলম্বন কৰা হৈছিল৷ পৰৱৰ্তী ডবকা থানাত যোগদান কৰাৰ পিছৰে পৰা এনে বহু কেইটা ঘটনাত এই গৰাকী বিষয়াৰ নাম সাঙুৰ খাইছে৷

প্ৰেৰক হাফিজ আব্দুল আহাদ

Featured