আজি ওড়িশাত নির্বাচনী প্রচাৰ চলাব মুখ্যমন্ত্রী ড০ শর্মাই

🔹 তিনি দিনত চাৰি ৰাজ্যত জনসভা–ৰোড শ্ব’ৰে বজাব ৰণডংকা

বিশেষ বাৰ্তা, ৯ মে’ : অসমত তিনিটা পর্যায়ত লোকসভা নির্বাচনৰ ভোটগ্রহণ শেষ হোৱাৰ পিছত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ পৰা ভাৰতৰ বিভিন্ন প্রদেশত নির্বাচনী প্রচাৰ চলাব৷ আজিৰ পৰা অহা ১১ মে’লৈ মুখ্যমন্ত্রী ড০ শর্মাই চাৰি ৰাজ্য ওড়িশা, পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ডত নির্বাচনী প্রচাৰ চলাব৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশাত নির্বাচনী ৰণডংকা বজাব৷ উল্লেখ্য যে অহা ১৩ মে’ত ওড়িশাত প্রথম পর্যায়ৰ লোকসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশাত মলকনগিৰিৰ নৱৰংপুৰ লোকসভা সমষ্টিত প্রথমে এখন নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ ইয়াৰ পিছতেই চিত্রাকন্দাত আন এখন সভাত অংশ ল’ব৷ তাৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাই আছকা লোকসভাৰ খল্লিকটত আন এখন নির্বাচনী সভাতো অংশগ্রহণ কৰিব৷ আজি ওড়িশাত তিনিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি অহা ১০ মে’ত মুখ্যমন্ত্রী ড০ শর্মাই পশ্চিমবংগত নির্বাচনী প্রচাৰ চলাব৷ পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ ভীমপুৰত প্রথমে এটা ৰোড শ্ব’ত অংশগ্রহণ কৰিব৷ তাৰ পিছতে তেওঁ পৰাগপুৰৰ অন্নপূর্ণাত এখন নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ অন্নপূর্ণাৰ সভাখনৰ অন্তত হুগলীৰ বালাগৰত আন এখন নির্বাচনী প্রচাৰ সভাত অংশ ল’ব৷ ১১ মে’ত মুখ্যমন্ত্রী ড০ শর্মাই বিহাৰ আৰু ঝাৰখণ্ডত নির্বাচনী প্রচাৰ চলাবলৈ যাব৷ ঝাৰখণ্ডৰ ৰাঁচীৰ খুমটি লোকসভা সমষ্টি আৰু বিহাৰৰ বেগুচৰাইত মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলাব৷

Featured