আমিনগাঁৱত ৰাইজৰ সৈতে শাৰী পাতি পত্নী–কন্যাসহ ভোটদান মুখ্যমন্ত্রী ড০ শর্মাৰ

🔹 শান্তিপূর্ণ পৰিৱেশত ভোটদান কৰা বাবে অসমবাসীলৈ কৃতজ্ঞতা

🔹 মানুহে উন্নয়ন-বিকাশৰ বাবে ভোট দিছে : ড০ শর্মা

বিশেষ বাৰ্তা, ৭ মে’ : আমিনগাঁৱত ৰাইজৰ সৈতে শাৰী পাতি পত্নী ৰিণিকি ভূঞা শৰ্মা–কন্যা সুকন্যা শৰ্মাসহ ভোটদান কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সমষ্টি পুনৰ নির্ধাৰণ হোৱাৰ ফলত মুখ্যমন্ত্রী ড০ শর্মাৰ ২২৪নং আমিনগাঁও হাইস্কুলৰ ভোটকেন্দ্রটো এতিয়া বৰপেটা লোকসভা সমষ্টিৰ অন্তর্ভুক্ত হৈছে৷ সেই অনুসৰি আজি বিয়লি ৩ বজাত মুখ্যমন্ত্রী ড০ শর্মা পত্নী–কন্যাসহ ভোটকেন্দ্রটোত উপস্থিত হয় আৰু ৰাইজৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদান কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বহু বছৰ ধৰি তেওঁ পদুমৰ প্রতীকত ভোটদান কৰি আহিছে৷ কিন্তু এইবাৰ বৰপেটা লোকসভাৰ আসনখন মিত্রদল অগপক এৰি দিয়া বাবে পদুমৰ প্রতীকত ভোটদান কৰিব নোৱাৰিলে৷ পদুমৰ পৰিৱর্তে হাতীৰ প্রতীকত ভোটদান কৰে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ দৰে তৃতীয় পর্যায়তো শান্তিপূর্ণভাৱে হিংসামুক্ত পৰিৱেশত ভোটদান হোৱা বাবে অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গণতন্ত্রৰ এই উৎসৱত ৮০ শতাংশতকৈও অধিক ভোটদান প্রথম দুটা পর্যায়ত হ’ল৷ আজি তৃতীয় পর্যায়ৰ ভোটগ্রহণতো ৮০ শতাংশ সম্পূর্ণ হ’ব বুলি আশা প্রকাশ কৰে৷ তেওঁ কয়- শান্তিপূর্ণ ভোটদান, কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নোহোৱা, প্রতিদ্বন্দ্বীৰ মাজতো প্রতিযোগিতা হৈ ৰ’ল, তাতকৈও ওপৰত কোনো ঘটনা নহ’ল৷ অসমৰ বাবে এয়া শুভ লক্ষণ৷ অসমৰ মানুহে যে পৰিপক্বভাৱে গণতন্ত্রত যোগদান কৰিব পাৰে, গণতন্ত্রক এটা উৎসৱলৈ ৰূপান্তৰ কৰিব পাৰে, তাক তিনিটা পর্যায়ৰ ভোটদানে প্রমাণ কৰিলে৷ আনকি এই নির্বাচনত বেয়াকৈ কোনো বাকযুদ্ধও হোৱা নাই৷ ইয়াৰ বাবে তেওঁ অসমবাসী ৰাইজক কৃতজ্ঞতা জনায়৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এইবাৰৰ নির্বাচনত ক’তো কোনো গণ্ডগোল হোৱা নাই, কোনো অভিযোগ–প্রতিঅভিযোগ নাই, ক’তো পুনৰ ভোটগ্রহণৰো প্রসংগ অহা নাই৷ অসমৰ জনসাধাৰণে উন্নয়ন আৰু বিকাশৰ বাবে ভোট দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নতুন ভোটাৰসকলৰ লগতে জ্যেষ্ঠ নাগৰিকসকলেও উন্নয়নৰ বাবে ভোট দিছে৷ অমৃত কালত ভাৰতক বিশ্বগুৰু হোৱাৰ ক্ষেত্রত অসমৰ ৰাইজে সমর্থন আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে৷ ৰাজ্যখনত শান্তিপূর্ণভাৱে ভোটদান প্রক্রিয়া সম্পূর্ণ হোৱাৰ বাবে পৰমপিতাক ধন্যবাদ জনোৱাৰ বাবে তেওঁ ভোটদান কৰিয়েই দৌল গোবিন্দ মন্দিৰলৈ যায়৷ আনহাতে, অসমত লোকসভা নির্বাচনৰ ফলাফল সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে এতিয়া আৰু কোনো মন্তব্য কৰিবলৈ নিবিচাৰে বুলি উল্লেখ কৰি কয় যে এতিয়া সকলো ইভিএমত সোমাই গ’ল৷ ইভিএমত মানুহে যি কৰিব লাগে কৰি দিলে৷ সেয়া এতিয়া সলনি নহয়৷ সেয়ে তেওঁ এই বিষয়ে এতিয়া ক’ব নিবিচাৰে৷ ভোট গণনাৰ দুদিন পূর্বে তেওঁ এই বিষয়ে ক’ব৷ আনহাতে, বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী আৰজেডি নেতা লালুপ্রসাদ যাদৱে মুছলমানৰ বাবে সংৰক্ষণৰ প্রসংগ উল্লেখ কৰা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে কংগ্রেছ আৰু ইণ্ডি জোঁটবন্ধনে পিছ দুৱাৰেদি যে মুছলমানসকলক অন্তর্ভুক্ত কৰিব বিচাৰে, সেয়া আজি লালুপ্রসাদ যাদৱৰ ভাষ্যৰ পৰাই স্পষ্ট হৈছে৷

Featured