তেজপুৰত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত ৰাষ্ট্ৰীয়-ৰাজ্যিক-বিষ্ণু ৰাভা বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

👉বিশিষ্ট শিল্পী ,চলচ্চিত্ৰ নিৰ্মাতা আনৱাৰ হুছেইনক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

👉ব্যাস গোৱা ওজাপালি শিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দূৰ্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান

👉১০ গৰাকীক বিভিন্ন ক্ষেত্ৰৰ ৰাজ্যিক বঁটা প্ৰদান

👉বিষ্ণুপ্ৰসাদ ৰাভাই সংহতিৰ ওপৰত অধিক গুৰুত্ব দিছিল : ড০ হিমন্ত বিশ্ব শৰ্মা

👉কলাগুৰু সমাধি “সমন্বয় ক্ষেত্ৰ “উন্নয়নৰ বাবে এক কোটি টকা ঘোষণা

👉গুৱাহাটীত ৩০০ কোটি টকা ব্যয় সাপেক্ষ ৫০০০ দৰ্শকে আসন গ্ৰহণ কৰিব অত্যাধুনিক প্ৰেক্ষাগৃহক “জ্যোতি -বিষ্ণু সাংস্কৃতিক প্ৰকল্প “ৰূপে ঘোষণা

বাৰ্তা ব্যুৰ, তেজপুৰ, ২০ জুন : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি বিয়লি ৫ বজাৰ পৰা দৰংমহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ মূল সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পৃথ্বিৰাজ ৰাভা, পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু আৰু কৃষ্ণ কমল তাঁতীৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক সহ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ বঁটাসমূহ প্ৰদান কৰে। ৰাষ্ট্ৰীয় বঁটা প্ৰাপকক ৩ লাখ টকাৰ চেক আৰু ৰাজ্যিক বঁটা প্ৰাপকক ২ লাখ টকাৰ চেকৰ লগতে অংগ বস্ত্ৰ ,শৰাই আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ আদৰণী ভাষণ আৰু জ্যোতি ভাৰতীৰ শিল্পীৰ সমবেত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিল্পী ধৰ্মেশ্বৰ নাথ আৰু দূৰ্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ ৰাজ্যিক পৰ্য্যায়ৰ বিষ্ণু ৰাভা বঁটাৰ লগতে আনৱাৰ হুছেইনক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটাৰ উপৰি ২০২৪ বৰ্ষৰ বাবে বন্দনা দত্তক অমল প্ৰভা দাস বঁটা, ড০ সুনীতা চাংকাকতিক চন্দ্ৰ প্ৰভা শইকীয়ানী বঁটা, আনিছ উজ জামানক গণেশ গগৈ বঁটা, ড০ কৰবী ডেকা হাজৰিকাক মামণি ৰয়ছম গোস্বামী বঁটা, জয়ন্ত মাধৱ বৰাক চৈয়দ আব্দুল মালিক বঁটা ,তৰেণ চন্দ্র বড়োক আহমদ আলি বাঁশকান্দি বঁটা, শাশ্বতী ভট্টাচাৰ্যক গীতি কবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা আৰু জীৱেশ্বৰ মহনক বীৰ ৰাঘৱ মৰাণ বঁটা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে। তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাই কলাগুৰুৰ জীৱন -বৃতান্ত আৰু জীৱন-দৰ্শন আলোকপাত কৰা আৰু আটাইকেইগৰাকী বঁটা প্ৰাপকৰ জীৱন পৰিচিতি দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে প্ৰদৰ্শন কৰা অনুষ্ঠানটিত মুখ্য অতিথিৰ আসনৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ মানৱতাবাদী সত্বাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসম আৰু অসমীয়াৰ প্ৰেৰণাৰ অমল উৎস বুলি মন্তব্য কৰি অনন্য প্ৰতিভাধৰ বৈচিত্ৰময় ব্যক্তিত্বৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শেৰে অসমীয়া জাতি মহিয়ান বুলি কয়। বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাই সমাজ পৰিবৰ্তনৰ বাবে সংস্কৃতিক মূল মন্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰি জনতাই সংস্কৃতিৰ অফুৰন্ত ভঁৰাল বুলি উপলব্ধি কৰিছিল। ব্ৰহ্মপুত্ৰৰ দৰে বিশাল ব্যক্তিত্বৰ বিষ্ণুপ্ৰসাদ ৰাভা “ফেৰেংগাদাও আবু” হিচাপেও পৰিচিত আছিল বুলি কৈ সেই ফেৰেংগাদাওৰ তাৎপৰ্য্য ব্যখ্যা কৰে । বিশাল অনুষ্ঠান সদৃশ বিষ্ণুপ্ৰসাদ ৰাভাই অকল জাতি জনগোষ্ঠীৰ দ্বাৰাই সমন্বয়ৰ কথা নেভাবি অৰ্থনৈতিকভাৱেও সমন্বয় বা সম্প্ৰীতি হোৱাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। গণ দৃষ্টিৰে সকলোৰে লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক গঢ়ি তোলাৰ বাবেই তেওঁৰ সাহিত্য বা যিকোনো লেখা সমূহৰ ভাষা অতি প্ৰাঞ্জল আছিল।বিষ্ণুপ্ৰসাদ ৰাভাই সদায় সংহতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল বুলি কৈ তেওঁৰ জীৱন পৰিচিতি আৰু কৰ্মৰ ওপৰত নাতিদীৰ্ঘ আলোকপাত কৰি তেজপুৰ আৰু বাণ ৰংগমঞ্চৰ সৈতে তেওঁৰ এক আত্মিক সম্পৰ্ক আছিল বুলি কৈ তেজপুৰক লৈ ৰচনা কৰা এটি গীতৰ কলিও আওৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে এই অনুষ্ঠানৰ পূৰ্বে সমাধিৰ সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ দিনটোত নিজে ধন্য হোৱা বুলি কৈ সমাধি বৰ্তমানে “সমন্বয় ক্ষেত্ৰ “লৈ যিহেতু পৰিগণিত কৰিছে পৰিচালনা সমিতিয়ে সেয়েহে পুনৰ সেই “সমন্বয় ক্ষেত্ৰ “সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণৰ বাবে এক কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰাত সভাগৃহত হৰ্ষোল্লাসৰ সৃষ্টি হয়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক গুৰুত্বপূৰ্ণ ঘোষণা সদৰি কৰি গুৱাহাটীত তিনিশ কোটি টকা ব্যয় সাপেক্ষে ৫০০০ লোকে আসন গ্ৰহণ কৰিব পৰাকৈ নিৰ্মীয়মান অৱস্থাত থকা অত্যাধুনিক প্ৰেক্ষাগৃহটি “জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প” বুলি নামকৰণৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। আনহাতে আজিৰ এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ সুব্ৰত জ্যোতি নেওগে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বহু সৃষ্টি আজিও উপেক্ষিত হৈ আছে বুলি কৈ সেই সাহিত্য সমূহৰ পাঠ সমীক্ষা আৰু চৰ্চাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। ড০ নেওগে তেওঁৰ সাহিত্য সৃষ্টি সমূহ ডিজিটেলাইজ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

প্ৰেৰক পুলক কুমাৰ ডেকা

Featured