ব’হাগ বিহুৰ পূর্বে অসমত লোকসভা নির্বাচন সম্পন্নৰ আহ্বান মুখ্যমন্ত্রীৰ

🔹 ৫ মার্চত অসমলৈ আহিব নির্বাচন আয়োগৰ দল

বিশেষ বাৰ্তা, ৩ মার্চ : ব’হাগ বিহুৰ পূর্বেই অসমত লোকসভা নির্বাচন সম্পন্ন কৰাৰ বাবে আবেদন জনাব ৰাজ্য চৰকাৰে৷ কালি এই কথা জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা কার্যসূচীত অংশগ্রহণ কৰিবলৈ উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰি কয় যে অসমত নির্বাচন আয়োগে এটা বা দুটা যি পর্যায়তে নির্বাচন অনুষ্ঠিত কৰে, সেয়া ব’হাগ বিহুৰ পূর্বেই শেষ কৰক৷ উল্লেখ্য যে অহা ৫ মার্চত অসমলৈ আহিব নির্বাচন আয়োগৰ দল৷ মুখ্যতঃ লোকসভা নির্বাচনৰ প্রস্তুতি সন্দর্ভত সবিশেষ তথ্য ল’বলৈ ৰাজ্যখনলৈ আহিব লগা আয়োগৰ দলটোৱে অহা ৬ মার্চত ৰাজ্যৰ মুখ্য সচিবৰ লগতে প্রতিখন জিলাৰ আয়ুক্তৰ সৈতে বৈঠকত বহিব৷ এই বৈঠকতে ৰাজনৈতিক দলসমূহৰ সৈতেও বার্তালাপ কৰাৰ সম্ভাৱনা আছে৷ এই বৈঠকতে মুখ্য সচিবে অসম চৰকাৰৰ সিদ্ধান্ত সম্পর্কে আয়োগক অৱগত কৰিব৷ আয়োগৰ কোনোধৰণৰ সমস্যা নাথাকিলে বিহুৰ পূর্বেই যাতে অসমৰ লোকসভা নির্বাচন সম্পন্ন হয়, সেই দিশত সিদ্ধান্ত ল’বলৈও অসম চৰকাৰে অনুৰোধ জনাব নির্বাচন আয়োগক৷ মুখ্যমন্ত্রীৰ মন্তব্য– ১৩ এপ্রিলৰ পিছত অসমত এক আনন্দ-উৎৱসৰ পৰিৱেশ সৃষ্টি হয়৷ সেই সময়ত ৰাজনৈতিক বাতাৱৰণত থকাৰ পৰিৱর্তে সকলোৱে অসমীয়া হ’বলৈ ইচ্ছা কৰে৷ সেই কাৰণে অসম চৰকাৰেও বিচাৰে ১৪ এপ্রিলৰ পূর্বে অসমৰ নির্বাচন যাতে সম্পন্ন হয়৷

Featured