শিৱসাগৰত পুৱতি নিশা মুখ্যমন্ত্ৰীৰ সভাৰ পেণ্ডেলত ট্ৰাকৰ খুন্দা

নিয়মীয়া বাৰ্তা,  ১৫ জুন : জেড প্লাছ ছিকিউৰিটীৰ মৰ্যাদা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া নতুন আদালত ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সাজু কৰি তোলা পেণ্ডেলত নিশা এখন তীব্ৰবেগী আলুভৰ্তি ট্ৰাকে খুন্দা মৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা, ৭২ ঘন্টাৰ পূৰ্বৰ পৰা বিশেষ গোটৰ দ্বাৰা সভাস্থলী নিৰীক্ষণ, সভাস্থলী সম্পূৰ্ণৰূপে নিৰাপত্তাৰ আবেষ্টনীত থকাৰ পিছতো ভি ভি আই পিৰ আগমনৰ প্ৰাকমুহূৰ্তত পেণ্ডেলত আলুভৰ্তি ট্ৰাকে খুন্দিওৱা ঘটনাক লৈয়ে সৃষ্টি হৈছে এই চাঞ্চল্য ৷ অৱশ্যে সভাস্থলীৰ নিৰাপত্তাত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত বাতৰি মতে, আজি পুৱতি নিশা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ আৱাসিক এলেকাৰ প্ৰৱেশ পথত তথা ড০ এম আই বড়া পথৰ ওপৰত শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধনী সভাৰ বাবে নিৰ্মাণ কৰা পেণ্ডেলৰ এটা অংশত UP-32 KN-2356 নম্বৰৰ এখন আলুভৰ্তি ট্ৰাকে খুন্দা মৰাত পথৰ কাষত ভাঙি পৰে পেণ্ডেলটোৰ এটা বৃহত অংশ ৷ দুপৰীয়া ভাগত শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱন মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পূৰ্বে পুৱতি নিশা আলুভৰ্তি ট্ৰাকখনে কটকটীয়া নিৰাপত্তাৰ মাজত কেনেকৈ জেঙনিকটীয়া চাৰিআলি দিশৰ পৰা আহি পেণ্ডেলৰ এটা অংশ মহটিয়াই নিবলৈ সক্ষম হ’ল, তাক লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

Featured