দীৰ্ঘদিনে জিএনএম নাৰ্ছৰে অবৈধ প্ৰেমৰ সম্পৰ্ক চিকিৎসকৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত থাকি নিজৰ মইমতালিৰে লাহোৱাল পি এইচ চিত আগ্ৰাসন চলোৱা চিকিৎসক মুনীন্দ্ৰ পাঠকৰ এটাৰ পিছত এটা কু-কীৰ্তি পোহৰলৈ আহিব ধৰিছে ৷ লাহোৱাল পি এইচ চিত কৰ্মৰত এক আভ্যন্তৰীণ সূত্ৰই সদৰী কৰা অনুসৰি চিকিৎসক মুনীন্দ্ৰ পাঠকে হস্পিতালখনৰ এগৰাকী GNM নাৰ্ছৰ স’তে দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আহিছে বুলি অভিযোগ উঠিছে৷ আনকি চিকিৎসক পাঠকে নিজৰ কৰ্মলৈ পিঠি দি নাৰ্ছগৰাকীৰ আৱাসগৃহতো সময়ে সময়ে গৈ সোমাই থকা বুলি সেই সূত্ৰটোৱে সদৰী কৰিছে৷ এই বিষয়টো সন্দৰ্ভত লাহোৱালৰ স্থানীয় ৰাইজে ইতিমধ্যেই ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালকক পৃথকে পৃথকে স্মাৰকপত্ৰ দিবলৈ প্ৰস্তুতি চলোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিছে৷ উল্লেখযোগ্য যে সূত্ৰটোৱে অৱগত কৰা অনুসৰি বিশ্বকৰ্মা পূজাৰ দিনা সাংবাদিকৰ স’তে হোৱা সংঘটিত ঘটনা সন্দৰ্ভত যুটীয়া স্বাস্থ্য সঞ্চালকে ভাষ্য গ্ৰহণৰ আগমূহূৰ্তত কৰ্মৰত নাৰ্ছকেইগৰাকীক ভয় ভাবুকি প্ৰদান কৰি অন্যথা লাহোৱাল পি এইচ চিৰ পৰা খেদোৱাৰ ভাবুকি প্ৰদান কৰি চিকিৎসাৰ বাবে যোৱা সাংবাদিকজনেহে বেয়া ব্যৱহাৰ কৰা বুলি লিখিতভাবে দিবলৈ বাধ্য কৰাইছিল ৷ ইয়াৰোপৰি যিগৰাকী GNM নাৰ্ছৰ স’তে চিকিৎসক মুনীন্দ্ৰ পাঠকৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উঠিছে সেইগৰাকী নাৰ্ছে ওলোটাই ভৰিত আঘাতপ্ৰাপ্ত সাংবাদিকজনেহে মাতাল অৱস্থাত যোৱা বুলি যুটীয়া স্বাস্থ্য সঞ্চালকক লিখিতভাৱে অৱগত কৰা বুলিও সূত্ৰটোৱে সদৰী কৰিছে৷ ইফালে সাংবাদিকজনে জানিবলৈ দিয়া অনুসৰি নাৰ্ছকেইগৰাকীৰ স’তে কোনো তৰ্কবাদত লিপ্ত হোৱা নাছিল। নাৰ্ছকেইগৰাকীক চিকিৎসক কিয় নাই বুলি সোধাৰ পিছত নাৰ্ছকেইগৰাকীৰ স’তে কোনোধৰণৰ কথা বতৰাই হোৱাই নাছিল৷ ঘটনাটো সংঘটিত হৈছিল চিকিৎসক মুনীন্দ্ৰ পাঠকৰ লগত। লগে লগে সাংবাদিকজনে লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীকো ফোনযোগে বিষয়টো অৱগত কৰিছিল বুলি জানিব পৰা গৈছে৷ যদি সেই সময়ত মাতাল অৱস্থাতে চিকিৎসাৰ বাবে গৈ কৰ্মৰত চিকিৎসক নাৰ্ছক অপদস্থ কৰিছিল তেন্তে আৰক্ষীক কিয় অৱগত কৰা নাছিল বুলিও এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷ ইফালে নিজকে নিদোৰ্ষী সজাবলৈ গৈ লাহোৱাল প্ৰেছ ক্লাবৰ এজন বিষয়ববীয়াৰ প্ৰৰোচনাত পৰি চিকিৎসক মুনীন্দ্ৰ পাঠকে সাংবাদিকজনৰ বিৰুদ্ধে ঘটনা সংঘটিত হোৱাৰ চাৰি দিনৰ পিছতহে কালি নিশা লাহোৱাল থানাত এজাহাৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত সাংবাদিকজনেও চিকিৎসকজনৰ বিৰুদ্ধে আজি লাহোৱাল থানাত এখন এজাহাৰ দাখিস কৰিছে।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

Featured