গণতন্ত্ৰত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা মৰিগাঁও-নগাঁৱৰ সীমামূৰীয়া মিকিৰ ৰাজ্যত

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ গণতন্ত্ৰত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰি মধ্য অসমত আহোম ৰাজত্বকালৰ প্ৰাচীন পৰম্পৰা পুনৰোদ্ধাৰ কৰিলে মৰিগাঁও জিলাৰ বাৰপূজীয়া মিকিৰ ৰাজ্যবাসীয়ে। গণতন্ত্ৰত ৰজাৰ ক্ষমতা নাথাকিলে মধ্য অসমৰ ঐতিহাসিক সাতোৰজা আৰু পাঁচোৰজাৰ পৰম্পৰা প্ৰতীকী ৰূপত আজিও চলি আহিছে। আহোম ৰাজত্ব কালৰে পৰা বুৰঞ্জী প্ৰসিদ্ধ মধ্য অসমৰ পাঁচোৰজাৰ প্ৰথমখন ৰাজ্য মিকিৰ ৰাজ্যত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাজ অভিষেক। বাৰপূজীয়াৰ মিকিৰ ৰাজ্যৰ ৰাজপৰিয়ালৰ সৰ্বসন্মতিক্ৰমে মিকিৰ ৰজাৰ বংশধৰ তিলক ডেকাক ‘ৰজা’ স্বীকৃতি দি স্বক্ৰীয় পৰম্পৰাৰে ৰাজভিষেক অনুষ্ঠিত কৰি সিংহাসনত অধিষ্ঠিত কৰা হয়। এই লৈ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হয়। পুৱা ৰজাক পৰম্পৰাগত নীতি-নিয়মেৰে নোৱাইধোৱাই পাঁচোৰজাৰ ৰজা সকল ক্ৰমে টোপাকুছি ৰাজ্যৰ ৰজা অজিত ডেকা , সৰা ৰাজ্যৰ ৰজা সমৰ সিংহ , খাইগড় ৰাজ্যৰ ৰজা কুমুদ ৰাজকুমাৰ , আৰু বাৰপূজীয়া ৰাজ্যৰ ৰজা প্ৰজয় ৰজাৰ উপৰিও দুখনকৈ সীমামূৰীয়া পুৱালী ৰজা ক্ৰমে চৰাইবাহীৰ মিলন ডেকা আৰু উৱাবড়িৰ ৰজা খৰ্গেশ্বৰ ডেকাৰ উপস্থিতিত নোৱাইধোৱাই, ৰাজতিলক পৰিধান কৰাই ৰাজ অভিষেক সম্পন্ন কৰি তিলক ডেকাক মিকিৰ ৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে ঐতিহাসিক পাঁচো ৰাজ্যৰ বাকী চাৰি ৰাজ্যত পৰম্পৰাগতভাৱে ৰজা আছিল যদিও বগিত প্ৰায় ৫ বছৰ ধৰি ঐতিহাসিক মিকিৰ ৰাজ্যত ৰজা নাছিল। সেয়ে পাৰিষদসকলে আলোচনা কৰি মিকিৰ ৰাজ্যৰ ৰাজ বংশধৰ তিলক ডেকাক আজি ৰাজঅভিষেক অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে আজি ৰজা স্বীকৃতি প্ৰদান কৰা হয়।

প্ৰেৰক মানস নাথ

Featured