মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব পাৰ্থসাৰথি মহন্ত পৰিচালিত ফেঁহুজালি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুনঃ অসমৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবে এক গৌৰৱৰ বিষয়। দক্ষিণ এছিয়াৰ পুৰণি আৰু শ্ৰেষ্ঠ চুটি ছবি, তথ্যচিত্ৰ আৰু এনিমেচনৰ বাবে সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২১ জুনত প্ৰদৰ্শিত হব অসম আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰযোজিত আৰু পাৰ্থসাৰথি মহন্ত পৰিচালিত চুটি তথ্যচিত্ৰ ফেঁহুজালি। উল্লেখ্য যে তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচনৰ বাবে মুম্বাই আন্তঃৰাষ্ট্ৰীয় ফ্লিম উৎসৱ জনপ্ৰিয়ভাৱে জনাজাত এমআইএফএফ নামেৰে।উল্লেযোগ্য যে দক্ষিণ এছিয়াৰ নন ফিচাৰ ফ্লিমৰ বাবে আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ ফিল্ম উৎসৱ এই এম আই এফএফ। ইয়াক ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰে। প্ৰতিযোগিতা শিতানত ফিল্মৰ বাহিৰেও এমআইএফএফত অধিক ৰং, বৈচিত্ৰ্য আৰু পদাৰ্থ যোগ কৰিবলৈ ভাৰত আৰু বিদেশত নিৰ্মিত শ্ৰেষ্ঠ তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচন ফ্লিমসমূহ Jury restropesctives, homages, Oscar flims country focusসহ বিশেষ পেকেজৰ অধীনত প্ৰদৰ্শন কৰা হয়। আনহাতে সপ্তম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত ফেঁহুজালি ইতিমধ্যে প্ৰদৰ্শিত হৈছে। ছবি জগতৰ বিশিষ্ট ব্যক্তি, সমালোচক আৰু চিনেমা প্ৰেমীৰ সন্মুখত ‘ফেঁহুজালি’ প্ৰদৰ্শন কৰা উক্ত ছবিখনে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান লাভ কৰে। আনহাতে ইংৰাজী উপ-শিৰোনামেৰে ড° জোভিয়াল কলিতাই নিখুঁতভাৱে কিউৰেট কৰা তথ্যচিত্ৰখনৰ কাহিনীয়ে বিশেষ আকৰ্ষণ কৰে উপস্থিত দৰ্শকক। মহোৎসৱখন ২১ জুনত অন্ত পৰিব।