চিৰাঙত উঃ-পূবৰ চৰকাৰী বিদ্যালয়ত প্ৰথমটো মহাকাশ বিজ্ঞানাগাৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : চিৰাঙত উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী বিদ্যালয়ত প্ৰথমটো মহাকাশ বিজ্ঞানাগাৰৰ আজি উদ্বোধন কৰা হয়। ইছৰোৰ প্ৰাক্তন বিজ্ঞানী ড৹ টি এন সুৰেশ কুমাৰৰ উপস্থিতিত বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োই বড়ো সমাজৰ বিশিষ্ট সাংবাদিক, সমাজকৰ্মী প্ৰয়াত চিনো বসুমতাৰীৰ নামত উৎসৰ্গিত বিজ্ঞানাগাৰটো বন্তি প্ৰজ্বলন আৰু ফিটা কাটি আনুষ্ঠানিক ভাবে মুকলি কৰে। এই উপলক্ষে বিদ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এখন ৰাজহুৱা সভাত প্ৰদান কৰা ভাষণত ইছৰোৰ প্ৰাক্তন বিজ্ঞানী ড৹ কুমাৰে কাশীকোত্ৰাৰ দৰে এখন অখ্যাত গাঁৱত বিজ্ঞানাগাৰটো স্থাপন কৰাত প্ৰমোদ বড়োক ভূয়সী প্ৰশংসা কৰে। বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে চিৰাঙত মহাকাশ বিজ্ঞানাগাৰটো স্থাপন কৰাৰ বাবে বিটিআৰ প্ৰধান বড়োক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁৰ উদ্যোগত বিটিআৰে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিব বুলি মন্তব্য কৰে। প্ৰমোদ বড়োই তেওঁৰ ভাষণত কয় যে চৰকাৰী বিদ্যালয়ত মহাকাশ বিজ্ঞানাগাৰটো স্থাপন কৰাৰ ফলত অঞ্চলটোত বিজ্ঞান শিক্ষাক আগুৱাই নিয়াৰ বাবে চৰকাৰে হাতত লোৱা প্ৰচেষ্টাক অধিক গতিশীল কৰি তোলাত সহায়ক হ’ব। বড়োৱে বিটিআৰৰ অধিক চৰকাৰী বিদ্যালয়ত বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা বুলিও জানিবলৈ দিয়ে। বিগত দুবছৰ চিৰাং জিলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তালিকাত শীৰ্ষস্থান দখল কৰাৰ বাবেই জিলা খনলৈ আজিৰ এই মহাকাশ বিজ্ঞানাগাৰটো উপহাৰ হিচাপে প্ৰদান কৰা বুলি মন্তব্য কৰে। বড়োই লগতে কয় যে চিনো বসুমতাৰীৰ সমাজলৈ আগবঢ়োৱা অবদানৰ তুলনাত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি একোৱেই কৰিব পৰা নাই বুলি দুখ প্ৰকাশ কৰে। ৰাজহুৱা সভাখনৰ পূৰ্বে প্ৰয়াত সাংবাদিক, সমাজ সংগঠক, প্ৰাক্তন ছাত্ৰ নেতা চিনো বসুমতাৰীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। বিটিচিৰ শিক্ষা সচিব অমৰ জ্যোতি বৰ্মনে আদৰণি ভাষণ প্ৰদান কৰে। সভাত বিটিচিৰ প্ৰধান সচিব আকাশ দীপ, বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, গৌতম দাস, প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক এ গাৰ্গ, প্ৰয়াত চিনো বসুমতাৰীৰ পত্নী ৰূপালী বসুমতাৰীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকল আৰু বহু সংখ্যক বিশিষ্টব্যক্তিৰ লগতে দুই শতাধিক শিক্ষাক,ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে টেলিস্কোপকে আদিকৰি মহাকাশ অধ্যয়ন সম্পৰ্কীয় সা-সজুলি উপলব্ধ বিজ্ঞানাগাৰটো শনিবাৰ আৰু ৰবিবাৰে অন্যান্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো চোৱাৰ সুযোগ প্ৰদান কৰা হ’ব বুলি বিটিচি শিক্ষা বিভাগৰ সূত্ৰই জানাইছে।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured