ৰাজ্যত প্ৰথমটো নিৰামিষভোজী ক’ভিড কেয়াৰ চেণ্টাৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ক’ৰোনাবিৰোধী সংগ্ৰামখনক আৰু এখোজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কালি মুকলি কৰে এটা বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰ।

স্বাস্থ্য সেৱাৰ সঞ্চালক ড০ ৰথীন্দ্ৰ ভূঞাই ৰাজ্যৰ প্ৰথমটো নিৰামিষভোজী কোভিড কেয়াৰ চেণ্টাৰ কালি মুকলি কৰে। মহানগৰীৰ ঋতুৰাজ হোটেলত এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।

উল্লেখ্য পূৰ্বতে ঋতুৰাজ হোটেলতে প্ৰথমটো নিৰামিযভোজী কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিছিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগে।