বানপানী গ’ল, জোনাইৰ সেউজীয়া কৃষিপথাৰ ৰূপান্তৰ হ’ল মৰুভূমিলৈ

🔹 বালি-পলসত পোত গ’ল কৃষকৰ সেউজ সপোন

নিয়মীয়া বাৰ্তা, ২২ জুলাই : আহাৰমহীয়া প্ৰথমটো বানে জোনাইৰ কেইবাটাও অঞ্চলত সৃষ্টি কৰিলে সন্ত্ৰাসৰ। কেইবাটাও অঞ্চলৰ বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে বাট-পথ, মথাউৰি ছিগি তাণ্ডৱৰ সৃষ্টি কৰিলে। বানপানী যোৱাৰ পিছত এতিয়া বহু পৰিয়ালৰ সেউজীয়া কৃষিপথাৰবোৰ ৰূপান্তৰ হৈছে মৰুভূমিলৈ। জোনাইৰ বাহিৰ চিলে মালভোগ গাঁৱৰ চহা খেতিয়ক ৰাইজৰ কৃষিপথাৰ। চিলে বা লেকু নদীৰ বাঢ়নী পানীয়ে নদীখনৰ গাইড বান্ধ ছিঙি নিয়াৰ ফলত গাঁওখনৰ কেইবাটাও পৰিয়ালৰ সেউজীয়া কৃষিপথাৰ বিঘাই বিঘাই এইদৰে পুতি পেলোৱাত মূৰে-কপালে হাত দিছে গাঁওখনৰ চহা কৃষিজীৱী ৰাইজে। বানে বিধ্বস্ত কৰা পথাৰখনলৈ চাই মুখৰ মাত নোহোৱা অৱস্থা হৈ পৰিছে কৃষকৰ৷ কৃষকৰ সেউজ সপোনবোৰ বালি-পলসেৰে পুতি পেলালে চিলে বা লেকু নদীৰ বানে৷ ৰোৱা ধানৰ সমান্তৰালকৈ কঠীয়াবোৰো বানে বিধ্বস্ত কৰাত এতিয়া কটীয়াৰ অভাৱত ৰুব নোৱাৰি বহু খেতিয়কৰ পথাৰ এই বছৰ উদং হৈ ৰ’ব নিশ্চয়কৈ৷ ফলত অনাগত দিনত অঞ্চলটোৰ বহু কৃষকে পৰিয়ালক লৈ অনাহাৰে কটাবলগীয়া দিনবোৰৰ কথা ভাবি শংকিত হৈ পৰিছে। ইফালে, দুবছৰ পূৰ্বে নদীখনৰ ছিগা অংশৰ গাইড বান্ধ নিৰ্মাণৰ বাবে চৰকাৰ-প্ৰশাসনৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবে গাঁওখনৰ ৰাইজে এইদৰে আজি জীয়াতু ভুগিবলগীয়া হৈছে বুলি অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে।

প্ৰেৰক কৰবী দলে

Featured