টাই আহোম যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতি গঠন

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : বিশ্বনাথৰ  সাহিত্য সভা ভৱনত কালি অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰতিনিধি সভাত বাবুল গগৈক সভাপতি, নীলম গগৈ বৰুৱাক কাৰ্যকৰী সভাপতি আৰু ভাস্কৰ বৰুৱাক সম্পাদক হিচাপে লৈ জিলা সমিতিখন পুনৰ গঠন কৰা হয়। এই প্ৰতিনিধি সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ পূৰ্বৰ সভাপতি প্ৰাঞ্জল বৰুৱাই আৰু মুখ্য পৰ্যবেক্ষক ৰূপে কেন্দ্ৰীয়  যুটীয়া সম্পাদক দিগন্ত তামুলী আৰু কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া, বিশিষ্ট অতিথি ৰূপে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ননী কুমাৰ গগৈ আৰু সহকাৰী সম্পাদক ৰাজীৱ গগৈ উপস্থিত থাকে।

প্ৰেৰক জয়ন্ত বৰা

Featured