ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ স্বৰ্ণ জয়ন্তী মহোৎসৱৰ লাইখুঁটা স্থাপন

বিশেষ বাৰ্তা, ২৯ এপ্ৰিল : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্বহীদ ময়দান প্ৰাংগণত আজি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। কীৰ্তন পাঠেৰে লাইখুঁটা স্থাপনৰ কাৰ্যক্ৰম মুকলি কৰা অনুষ্ঠানত মাংগলিক কামসমূহ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ প্ৰাক্তন বিহু কোঁৱৰ দ্বীপেন নাথে সম্পন্ন কৰে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথ আৰু প্ৰাক্তন সভাপতি ধ্ৰুৱ ভূষণ মহন্তই যুটীয়াভাৱে আজি লাইখুঁটা স্থাপন কৰে। ফুল, তুলসী, দূবৰিৰ লগতে মুদ্ৰাৰে লাইখুঁটাটি স্থাপন কৰা হয়। প্ৰাক্তন বিহুৱা দ্বীপেন নাথৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা তথা সোণালী জয়ন্তী মহোৎসৱৰ সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ বৰুৱাই লাইখুঁটা স্থাপন কাৰ্যক্ৰমৰ আঁত ধৰে। প্ৰাক্তন সভাপতি গোবিন্দ কুমাৰ নাথকে প্ৰমুখ্য কৰি উদযাপন সমিতিৰ প্ৰায়খিনি বিষয়ববীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে এইবেলি আগন্তুক ২৭, ২৮ আৰু ২৯ ব’হাগ অৰ্থাৎ ১০, ১১ আৰু ১২ মে’ত ঢেকীয়াজুলিৰ গৌৰৱ “ৰূপজ্যোতি বিহুৱা দল”ৰ বহু প্ৰত্যাশিত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱটি বিবিধ বৰ্ণিল কাৰ্যসূচীৰে আয়োজনৰ পূৰ্ণগতিত প্ৰস্তুতি চলিছে ৷ মন কৰিবলগীয়া যে মুকলি বিহুৰ ইতিহাসত ৰাজ্যখনৰ কোনো বিহুৱা দলে বিৰতি নোহোৱাকৈ ধাৰাবাহিকতা ৰক্ষাৰে প্ৰতিবৰ্ষতে বিহু মাৰি সগৌৰৱে অৰ্ধশতাধিক বৰ্ষ গৰকাৰ দৃষ্টান্ত বোধহয় বিৰল।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured