দেশৰ ভিতৰতে ভ্ৰষ্টাচাৰী পৰিয়াল গান্ধী পৰিয়াল : মুখ্যমন্ত্ৰী ড০ শৰ্মা

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : ‘দেশৰ ভিতৰতে ভ্ৰষ্টাচাৰী পৰিয়াল গান্ধী পৰিয়াল। কেৱল ভ্ৰষ্টাচাৰেই নহয়, ডুপ্লিকেট পৰিয়ালো গান্ধী পৰিয়াল। তেওঁলোক প্ৰকৃততে গান্ধী নহয় ৷’- এইদৰে আজি সাংবাদিকৰ আগত গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাহুল গান্ধীৰ এয়া ন্যায় যাত্ৰা নহয়, মিঞা যাত্ৰাহে। অৱশ্যে এই যাত্ৰাত মিঞা লোকৰ মহিলাসকলেও অংশগ্ৰহণ নকৰে বুলি কয়। য’ত য’ত মিঞা মানুহ আছে, তাতে মানুহ অলপ হ’ব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। মৰিয়নিৰ এটা স্থানতহে মানুহ দেখা গৈছে। য’ত য’ত এটা বিশেষ জাতিৰ মানুহ থাকিব, তাতে মানুহ হ’ব বুলি কয় ড০ শৰ্মাই। তদুপৰি ড০ শৰ্মাই কয়- গুৱাহাটীৰ মাজেৰে জোৰ কৰি কংগ্ৰেছে ন্যায় যাত্ৰা কৰিব পাৰিব৷ কিন্তু মই গোচৰ ৰুজু কৰিম। গুৱাহাটীৰ মাজেৰে কংগ্ৰেছৰ ন্যায় যাত্ৰাত দুজন মানুহে উচটনি দি আছে৷ এজন আগতে SPG হিচাপে আছিল ৷ গুৱাহাটীৰ মাজেৰে কংগ্ৰেছে ন্যায় যাত্ৰা কৰি শিলিগুৰি নাপাবগৈয়ে, মই সেই দুজনক ধৰি আনিম৷ অসমত ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰা সময়ত অংকিতা দত্তই ৰাজপথলৈ আহি ন্যায় বিচৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- অংকিতা দত্তই ৰাহুল গান্ধীৰ পৰা কেনেকৈ ন্যায় পাব। তদুপৰি অমিত শ্বাহৰ অসম ভ্ৰমণ কাৰ্য্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰক্ষীৰ পাঁচটা নৱগঠিত কমাণ্ডোৰ পাচিং পেৰেডত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিব অমিত শ্বাহে৷ তদুপৰি তেজপুৰৰ মহাভৈৰৱ মন্দিৰত স্বচ্ছতা অভিযানত অংশ ল’ব। শেষত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য্য বৰ্ধন উদ্যান মুকলি কৰিব অমিত শ্বাহে।

Featured