গুৱাহাটীবাসীৰ পৰা ১০০ কোটি কৰ সংগ্রহৰ লক্ষ্য জিএমচিৰ

🔹 ৩১ মার্চৰ ভিতৰত কৰ আদায় নিদিলে হ’ল্ডিং নম্বৰ নাকচ !

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰী : আর্থিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে ১০০ কোটি টকাৰ কৰ সংগ্রহৰ লক্ষ্য লৈছে গুৱাহাটী পৌৰ নিগম (জিএমচি)–এ৷ সম্পত্তিৰ কৰ অনাদায় হৈ থকা লোকৰ পৰা কৰ আদায়েৰে জিএমচিৰ বিত্তীয় দিশ শক্তিশালী কৰাৰ বাবে পৰিকল্পনা প্রস্তুত কৰা জিএমচিয়ে ইয়াৰ বাবে প্রস্তুত কৰিছে কিছু নীতি-নিয়ম৷ আজি এই কথা স্পষ্ট কৰিলে মেয়ৰ মৃগেন শৰণীয়াই৷ উল্লেখ্য যে ২০২২ বর্ষত হ’ল্ডিং নম্বৰৰ বিপৰীতে সম্পত্তিৰ কৰ আদায় কৰাৰ উদ্দেশ্যে জিএমচিয়ে কৰ অনাদায়ীসকলৰ বিদ্যুৎ সংযোগ কর্তন কৰাৰ সকীয়নি জাৰি কৰিছিল৷ ২০২২ বর্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত অনাদায় সম্পত্তিৰ কৰ আদায় নিদিলে কঠোৰ স্থিতি গ্রহণৰ বাবে জিএমচিয়ে লোৱা সিদ্ধান্তক লৈ সৃষ্টি হৈছিল তীব্র বিতর্কৰ৷ এনে বিতর্কৰ পাছত আকৌ জিএমচিয়ে এইবাৰ সম্পত্তিৰ কৰ আদায়ক লৈ আন এক সকীয়নি জাৰি কৰিছে৷ কার্যতঃ সম্পত্তি কৰ আদায় নিদিলে বিদ্যুৎ সংযোগ কর্তনৰ লগতে হ’ল্ডিং নম্বৰ নাকচ কৰা হ’ব বুলিও আজি স্পষ্ট কৰিলে মেয়ৰ মৃগেন শৰণীয়াই৷ মুখ্যতঃ জিএমচিয়ে এইবাৰ লক্ষ্য কৰি লৈছে ২০০৮ চনৰ পৰা ২০২২ চনলৈকে হ’ল্ডিং নম্বৰ সংগ্রহ কৰা গুৱাহাটীৰ বাসিন্দাসকলক৷ মেয়ৰ শৰণীয়াই এই সন্দর্ভত আজি এখন সংবাদ মেলযোগে প্রকাশ কৰা মতে, ২০০৮ চনত হ’ল্ডিং নম্বৰৰ বিপৰীতে যিসকলে কৰ আদায় দিছিল, সেই কৰৰ প্রণালী সলনি হৈছে৷ অর্থাৎ ২০২৩ চনৰ পৰা পুৰণি কৰৰ প্রণালী সলনি কৰি নতুন সম্পত্তিৰ কৰ ব্যৱস্থা আৰম্ভ হৈছে৷ গতিকে পূর্বৰ হ’ল্ডিং নম্বৰৰ অধিকাৰীসকলৰ সম্পত্তি কৰৰ মাচুল কিছু বৃদ্ধি হ’ব৷ অৱশ্যে পূর্বে আদায় কৰা মাচুলতকৈ নামমাত্র মাচুলহে বৃদ্ধি হ’ব৷ এই বর্ধিত মাচুলসমূহ আদায়ৰ বাবে জিএমচিয়ে কেইবাবাৰো জাননী প্রকাশ কৰিছে যদিও একাংশ গুৱাহাটীবাসীয়ে ইয়াক গুৰুত্ব দিয়া নাই৷ মৃগেন শৰণীয়াৰ মতে, ২০০৮ চনৰ নিৰিখত ৯১ হাজাৰ হ’ল্ডিং নম্বৰ আছে যদিও ইয়াৰে ১৫ হাজাৰ বাসিন্দাইহে নতুন নিৰিখত সম্পত্তি কৰ আদায় দিছে৷ অর্থাৎ এতিয়াও ৭০–৭৫ হাজাৰ লোকে নতুন নিৰিখত সম্পত্তি কৰ আদায় দিয়া নাই৷ ইয়াৰ বাবে জিএমচিয়ে তেওঁলোকক অহা ৩১ মার্চৰ সময়সীমা নির্ধাৰণ কৰি দিছে৷ এই সময়ছোৱাৰ ভিতৰত অনাদায় হৈ থকা সম্পত্তি কৰ আদায় নিদিলে বিদ্যুৎ যোগান বন্ধ কৰা হ’ব অথবা হ’ল্ডিং নম্বৰ নাকচ কৰা হ’ব৷ যদি তেওঁলোকে অনাদায় হৈ থকা কৰৰ ৫০ শতাংশও আদায় দিয়ে, তেন্তে তেওঁলোকে বাকী থকা মাচুলৰ বিনিময়ত কোনোধৰণৰ জৰিমনা নিদিলেও হ’ব৷ বাকী থকা ৫০ শতাংশ অহা বর্ষত অর্থাৎ ২০২৪–২৫ বর্ষত আদায় দিলেও হ’ব৷ মেয়ৰে এইক্ষেত্রত গুৱাহাটীবাসীৰ সহযোগিতা কামনা কৰিছে৷ তেওঁ ইয়াকো স্পষ্ট কৰে যে জিএমচিৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ অধিকাৰ আছে পৌৰ নিগমৰ৷ সেয়েহে কৰ অনাদায়ীসকলক ৩১ মার্চৰ ভিতৰত নতুন নিৰিখত কৰ আদায় দিবলৈ আহ্বান জনায় মেয়ৰগৰাকীয়ে৷

Featured