জ্যোতি চিত্রবনত ‘ককাদেউতা, নাতি আৰু হাতী ২’ৰ শুভ মহুৰত

🔹 কেমেৰাত মাল্যার্পণেৰে মহুৰতৰ আৰম্ভণি কৰে ৰিণিকি ভূঞা শর্মাই

বিশেষ বাৰ্তা, ২৯ মে’ : অসমীয়া চহা গ্রাম্য জীৱনৰ নিভাঁজ প্রতিচ্ছবি চেলুলয়ডৰ মাধ্যমেৰে ৰাইজৰ মাজত আশীৰ দশকত জনপ্রিয় কৰি তুলিছিল নিপ বৰুৱা পৰিচালিত ‘ককাদেউতা নাতি আৰু হাতী’ শীর্ষক ছবিখনে৷ এন চি প্রডাকচনৰ বেনাৰত এন চি দত্তৰ প্রযোজনাত ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পাইছিল ছবিখনে৷ অসমীয়া ছবি জগতত এক আলোড়নৰ সৃষ্টি কৰা জনপ্রিয় এই ছবিখনৰ শিশু চৰিত্রত বলিষ্ঠ অভিনয়েৰে দর্শকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল বর্তমান অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মৌজাদাৰ সর্বেশ্বৰ শইকীয়াৰ শিশু নাতিয়েকৰ চৰিত্রত অভিনয় কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ছবিখনৰ মুক্তি প্রাপ্তিৰ চাৰিটা দশকৰ পাছত এইবাৰ পুনৰ নতুন ৰূপত ছবিখনৰ ছিকুৱেল হিচাপে দর্শকৰ সমুখলৈ আহিব ‘ককাদেউতা নাতি আৰু হাতী ২’৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰিকল্পনা আৰু প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত নির্মিত হ’বলগীয়া ছবিখনৰ আজি শুভ মহুৰত কাহিলিপাৰাৰ জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ত সম্পন্ন কৰা হয়৷

কেমেৰাত মাল্যার্পণ আৰু প্রভু শ্রীগণেশৰ প্রতিভূস্বৰূপ হাতীৰ সন্মুখত সেৱা লৈ ৰিণিকি ভূঞা শর্মাই ছবিখনৰ মহুৰতৰ আৰম্ভণি কৰে৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে কেমেৰাৰ ছুইচ অন কৰে৷ ছবিখনৰ ছিকুৱেল নির্মাণ এটা দীর্ঘদিনীয়া সপোন আছিল বুলি মন্তব্য কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয় যে দীর্ঘদিনীয়া প্রচেষ্টা এতিয়া সম্পূর্ণ হোৱাৰ পথত আগবাঢ়িছে৷ ছবিখন বলীউডৰ ছবিৰ সৈতে ফেৰ মাৰিব পৰাকৈ নির্মাণ কৰাৰ কথাও তেওঁ ঘোষণা কৰে৷ তেওঁ কয়- কাৰিকৰী অথবা কলা নির্দেশনা যি দিশৰ পৰাই হওক, ছবিখন এনেকৈ আগুৱাই নিয়া হ’ব যাতে এইখনে যিকোনো বলীউডৰ ছবিৰ সৈতে ফেৰ মাৰিব পাৰে৷ একো খুঁটি-নাটি নেৰাকৈ আমি ছবিখন আগুৱাই নিব বিচাৰিছোঁ৷ অসমীয়া চিনেমাৰ ইতিহাসত এটা নজিৰ যাতে ছবিখনে সৃষ্টি কৰিব পাৰে, তেনে পর্যায়লৈকে ছবিখন নিয়াৰ কথা চিন্তাচর্চা কৰিছোঁ৷ উল্লেখ্য যে নতুনকৈ নির্মাণ হ’বলগীয়া ছবিখনৰ কাৰিকৰী অথবা একচনৰ দিশটোত কেইবাটাও নতুন সংযোজন কৰাৰ কথাও তেওঁ ঘোষণা কৰে৷ তেওঁ কয় যে শ্রেষ্ঠৰো শ্রেষ্ঠ পদ্ধতি ছবিখনত ব্যৱহাৰ কৰাৰ বাবে আমি সাজু হৈছোঁ৷ ছবিখন খাপচাৰা নকৰাকৈ অসমৰ সংস্কৃতি, সামাজিক মর্যাদাক অক্ষুণ্ণ ৰাখি আগুৱাই যোৱাৰ বাবে আমি চেষ্টা কৰিছোঁ৷ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই ছবিখনৰ স্বত্ব প্রদান কৰাৰ বাবে মূল ছবিখনৰ প্রযোজক এন চি দত্তৰ জীয়াৰী মৌচুমী দত্ত পাঠককো কৃতজ্ঞতা প্রকাশ কৰে৷ তদুপৰি ছবিখনত অভিনয় কৰা অভিনেতা উৎপল দাস, যতীন বৰাকে প্রমুখ্য কৰি সকলো কলা–কুশলীৰো শলাগ লয় ৰিণিকি ভূঞা শর্মাই৷ অনুষ্ঠানটোত অংশ লৈ ছবিখনৰ অভিনেতা উৎপল দাসে প্রযোজিকা ৰিণিকি ভূঞা শর্মালৈ কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে তেওঁ সকলোৰে বাবে  প্রেৰণা আৰু সাহস বুলি মন্তব্য কৰে৷ প্রযোজিকা ৰিণিকি ভূঞা শর্মাই কৰা কল্পনাক কিদৰে দক্ষতাৰে সম্ভৱ কৰি তুলিব পাৰি, সেয়া সকলোৰে বাবে এক প্রত্যাহ্বান বুলি উল্লেখ কৰি অভিনেতা উৎপল দাসে ছবিখনে অসমীয়া দর্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিব বুলি দৃঢ় মত পোষণ কৰে৷ নতুনকৈ নির্মাণ হ’বলগীয়া ছবিখনত ককাদেউতাৰ চৰিত্রত অভিনয় কৰিব জনপ্রিয় অভিনেতা যতীন বৰাই৷

 

অনুষ্ঠানটোত অংশ লৈ অভিনেতা যতীন বৰাই কয়- নিপন গোস্বামীয়ে যিটো চৰিত্রত অভিনয় কৰিছিল, সেইটো এটা কালজয়ী চৰিত্র৷ চৰিত্রটো কিমান ভালদৰে ৰূপায়ণ কৰিব পাৰোঁ, সেয়া নাজানো যদিও এটি কালজয়ী চৰিত্রত অভিনয় কৰিব পৰাটো মোৰ বাবে এটা প্রত্যাহ্বান৷ ছবিখনৰ পৰিচালক অচিন্ত শংকৰে কয় যে প্রায় বহু বছৰৰ পিছত ছবিখনৰ ছিকুৱেল নির্মাণ হ’বলৈ গৈ আছে৷ ছবিখনক লৈ সকলো কলা–কুশলীয়ে যথেষ্ট কষ্টও কৰি আছে৷ আশা কৰোঁ- ৰাইজে ছবিখনক আঁকোৱালি ল’ব৷ অনুষ্ঠানটোত ছবিখনক লৈ নষ্টালজিক হৈ পৰা প্রযোজক এন চি দত্তৰ জীয়াৰী মৌচুমী দত্ত পাঠকে ১৯৮৩ চনত ছবিখন নির্মাণৰ সময়ৰ স্মৃতিৰ ওপৰত আলোকপাত কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰিকল্পনা আৰু ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত অচিন্ত শংকৰ পৰিচালিত ছবিখনৰ চিত্রনাট্য ৰাজদ্বীপৰ৷ চিনেমাটোগ্রাফী প্রদীপ দৈমাৰীৰ৷ ছবিখনত বিভিন্ন চৰিত্রত অভিনয় কৰিছে যতীন বৰা, উৎপল দাস, যশশ্রী ভূঞা, কমললোচন, প্রীতি কংকনা, সিদ্ধার্থ শর্মা, শিশুশিল্পী আয়ুসকে ধৰি কেইবাগৰাকীও অভিনেতা–অভিনেত্রীয়ে৷ উল্লেখ্য যে কামপুৰৰ লগতে অসমৰ কেইবাটাও আকর্ষণীয় স্থানৰ লগতে পুনে আৰু থাইলেণ্ডৰ সুন্দৰ লোকেচনতো পৰৱর্তী সময়ত ছবিখনৰ শ্বুটিং কৰা হ’ব বুলি জানিব পৰা গৈছে৷

Featured