সমন্বয়-সম্প্ৰীতিৰ বাণীৰে  আজিৰে পৰা আৰম্ভ ঐতিহাসিক  ফাটবিহু

🔹 উখল-মাখল ঢকুৱাখনাৰ ম’হঘুলি চাপৰি

নিয়মীয়া বাৰ্তা, ১০ মে’ : “গছে-বনে-পাতে হালিছে-জালিছে চাৰিকড়ীয়া নৈৰ পাৰ/ম’হঘুলি চাপৰিত ঢোল-পেঁপা বাজিছে/ততে নাইকিয়া গাত”- পৰম্পৰাৰ সকলো উজ্জ্বল্য সামৰি সংস্কৃতিৱান ঢকুৱাখনাবাসীৰ পাৰহীন উছাহ আৰু আনন্দৰ লহৰ তুলি আজিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল গৰিমামণ্ডিত ফাটবিহু। ঢকুৱাখনাৰ আয়ুসৰেখাস্বৰূপ চিৰপ্ৰবহমান চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত সাতামপুৰুষীয়া ঐতিহ্য অক্ষুণ্ণ ৰাখি পুৱাতেই গোট খালেহি হাজাৰ হাজাৰ মানুহ। পৰম্পৰাগত জাতীয় সাজপাৰ পৰিহিত বিহুবলিয়া ৰাইজৰ সমাগমেৰে চালে চকু ৰোৱা হৈ পৰিল ম’হঘুলি চাপৰি। এক অপূৰ্ব শোভাৰে পুলকিত হ’ল বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলী ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি। নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ  ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ২০২৪ বৰ্ষৰ ফাটবিহুৰ তিনিদিনীয়া বর্ণিল কাৰ্যসূচীৰ। ফাটবিহু সমিতি, উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া, কৰ্মকর্তা আৰু বিহুপ্ৰেমীৰ উপস্থিতিত ম’হঘুলি চাপৰিত ২০২৪ বৰ্ষৰ ফাটবিহুৰ পতাকা উত্তোলন কৰি সভাপতি শইকীয়াই কয়- ফাটবিহু ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ যদিও ই অসমৰ  লোকসংস্কৃতিৰ ভঁৰালৰ এক আপুৰুগীয়া সম্পদ হিচাপে জিলিকি আছে।ফাটবিহু  ঐক্য-সম্প্ৰীতি-ভাতৃত্ববোধ আৰু সমন্বয়ৰ  প্ৰতীক বুলি অভিহিত কৰি সভাপতিগৰাকীয়ে পুনৰ কয় যে প্ৰকৃতি আৰু মানুহৰ সৈতে একাত্ম হৈ থকা অনুপম দৃশ্যই ফাটবিহুৰ বিশেষ ঐতিহ্য বহন কৰি আহিছে। ফাটবিহু বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ জীৱন উৎসৱ। ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাসে আঁত ধৰা অনুষ্ঠানটোত সভাপতি বসন্ত শইকীয়াই সংস্কৃতিৱান ঢকুৱাখনাৰ ৰাইজে ঐতিহাসিক ফাটবিহুৰ ঐতিহ্য-পৰম্পৰা আৰু গৰিমা ৰাখিছে আৰু যুগ যুগান্তৰলৈ ৰাখি যাব বুলি  মন্তব্য কৰে ।

তাৰ পাছতেই উদযাপন সমিতিৰ সভাপতি  মুকুল গগৈয়ে স্মৃতি তর্পণ কৰে। ইয়াৰ পাছতে ফাটবিহুৰ সাতামপুৰুষীয়া পৰম্পৰা আৰু নিয়ম-নীতিৰ মাজেৰে মূল তোৰণৰ পৰা বিহুদলসমূহক আদৰি অনা হয়। আজি প্ৰথম দিনাই তিনি কুৰিৰো অধিক বিহুদলৰ বিহুৱাৰ ঢোল, তাল, পেঁপা, বাঁহীৰ অমিয়া সুৰ আৰু নাচনীৰ টকা, গগনা, সুতুলিৰ শব্দ আৰু লয়লাস নাচোনৰ ছন্দত ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰ হৈ পৰে। দুপৰীয়া ১২ বজাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গিৰীন গগৈয়ে মঞ্চ মুকলি কৰে। বিয়লিলৈ অনুষ্ঠিত হয় টকা বিহু আৰু চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতা। হাজাৰ হাজাৰ বিহুপ্ৰেমীৰ উপস্থিতিৰে উখল-মাখল হৈ পৰা ফাটবিহু বাকৰিৰ মুকলি মঞ্চত ৪০টাৰো অধিক টকা বিহু আৰু ২০টাৰো অধিক চেমনীয়াৰ বিহু দলে বিহু প্ৰদৰ্শন কৰি ফাটবিহুক মহীয়ান কৰি তোলে৷ কাইলৈ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব গামোচা প্রতিযোগিতা। ইয়াৰ পাছতে অনুষ্ঠিত হ’ব সকলো জনগোষ্ঠীৰ বাবে মুকলি থকা পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। বিয়লি ২ বজাত ফাটবিহুৰ বছৰেকীয়া প্রকাশ ‘বিহুৱান’ উন্মোচন কৰিব বিশিষ্ট কবি তথা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড০ প্ৰণয় ফুকনে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured