ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত আবদ্ধ মাছমৰীয়াক উদ্ধাৰ ভাৰতীয় বায়ু সেনাৰ

বিশেষ বাৰ্তা, ২ জুলাইঃ নিজ জীৱনকো তুচ্ছ জ্ঞান কৰি কেৱল পেটৰ তাড়নাত জীৱন আৰু জীৱিকাৰ বাবে ভৰ বাৰিষা ১৩ মাছমৰীয়া নাওৰে ব্ৰহ্মপুত্ৰৰ নদীয়েদি উজাই গৈছিল ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ আৰু হঠাত্‍ বাঢ়নী পানী বৃদ্ধি পোৱাত চাপৰিতে আবদ্ধ হৈ পৰে তিনি দিন ধৰি। ফলত স্থানীয় লোকৰ লগতে প্ৰশাসনৰ মাজতো উদ্বিগ্নতাৰ স্বৃষ্টি হয়।ডিব্ৰুগড়ৰ মাইজানৰ পৰা উজাই কিছু নিলগৰ চাপৰিত ১৩ মাছমৰীয়া আবদ্ধ হৈ পৰাত ডিব্ৰুগড়ৰ পৰা যোৱা এনডিআৰএফ, এছডিআৰএফৰৰ লগতে আভ্যন্তৰিণ জল পৰিৱহণ বিভাগৰ এটা দলে উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাইছিল যদিও ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ বাবে তথা ঘনকুৱলীৰ বাবে অৱশেষত অভিযান বাতিল কৰিবলগীয়াত পৰে। শেষত উপায়ান্তৰ হৈ ভাৰতীয় বায়ুসেনাৰ সহায় লবলগীয়াত পৰে দুুৰ্যোগ প্ৰশমন বিভাগে।সেয়ে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ লগতে বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ মাজতে ভাৰতীয় বায়ুসেনাই সাহসীকতাৰে এক অভিযানত চলাই ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ চাপৰিত আবদ্ধ হৈ থকা ১৩গৰাকী মাছমৰীয়াক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা বায়ুসেনাই উদ্ধাৰ কৰি মাছমৰীয়াসকলক মোহনবাৰী বায়ুসেনা শিবিৰলৈ হেলিকপ্টাৰেৰে আনি চিকিৎসা প্ৰদান কৰে। আজি পুৱা চৰখুলীয়া চাপৰি আৰু হাতিয়ালি চাপৰিৰ পৰা উদ্ধাৰ কৰা আৱদ্ধ লোকৰ আটাইকেইজনৰ চিকিৎসা পৰীক্ষা কৰা হয় আৰু সকলো নিৰাপদ বুলি জানিব পৰা গৈছে।ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত বিনইগুটীয়া গাঁও (আছাপুৰ নতুন গাঁও)ৰ চৰখুলীয়া চাপৰিত আবদ্ধ হৈ পৰা মাছমৰীয়া সকলৰ নাম ক্ৰমে ৰঞ্জিত দাস, চেনিৰাম দাস, বুবু দাস, দেবা দাস, ৰাজু , নন্দ দাস আৰু লখিন্দাৰ হালুৱাই। আনহাতে ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত বিনইগুটীয়া গাওঁ (আমোৰাগুৰি গাঁও)ৰ হাতিয়ালি চাপৰিত আবদ্ধ হৈ পৰা মাছমৰীয়াৰ নাম ক্ৰমে আলো নমঃশূদ্ৰ, ছেৰা তামুলী, মইনা দাস, বুকন দাস, স্বপন নমঃশূদ্ৰ, পাপাই নমঃশূদ্ৰ। মোহনবাৰী বায়ুসেনা ষ্টেচনৰ পৰা ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখনে আৱদ্ধ হৈ থকা মাছমৰীয়াকেইজনৰ সন্ধান উলিয়াই আজি পুৱা সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰৰ পিছত আৱদ্ধ হৈ থকা সকলো ব্যক্তিৰ চিকিৎসা পৰীক্ষা কৰা হয় আৰু স্বাস্থ্য ভাল আৰু নিৰাপদ বুলি ধৰা পৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে ভাৰতীয় বায়ুসেনাক এনে তাৎক্ষণিক পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু মাছমৰীয়াসকলক উদ্ধাৰৰ ক্ষেত্ৰত দ্ৰুত আৰু কাৰ্যক্ষম সঁহাৰিৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে। কেৱল সেয়াই নহয়, আৱদ্ধ হৈ থকা মাছমৰীয়াক উদ্ধাৰৰ ক্ষেত্ৰত বায়ুসেনাই গ্ৰহণ কৰা ক্ষীপ্ৰ পদক্ষেপে সাধাৰণ জনতাৰো প্ৰশংসা লাভ কৰিছে।
প্ৰেৰক বিভাস দুৱৰা
Featured