খালিস্তানী সমৰ্থক অমৃতপালসহ ৯ সহযোগীৰ বন্দিত্বৰ ম্যাদ এবছৰলৈ বৃদ্ধি

বিশেষ বাৰ্তা, ১৯ জুনঃ পুনৰ এবছৰলৈ বৃদ্ধি কৰিলে খালিস্থানপন্থী নেতা অমৃতপাল সিঙসহ ৯ সহযোগীৰ বন্দিত্বৰ ম্যাদ। আজি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা আটাইকেইজন খালিস্তানপন্থী নেতাৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে সাংসদ হিচাপে নিৰ্বাচিত হ’লেও গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ ৰুদ্ধ হৈ পৰিল। পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পিছতে দুদিনমানৰ পূৰ্বে সাংসদ অমৃতপাল সিঙৰ অধিবক্তাই আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু ইয়াৰ মাজতে গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাই হতবাক কৰিছে অমৃতপাল সিঙৰ পৰিয়ালক। ইফালে অমৃতপাল সিঙৰ অধিবক্তাই সংবাদ মাধ্যমক জনোৱামতে, গৃহ মন্ত্ৰালয়ৰ বন্দীত্বৰ ম্যাদ জাৰি কৰা নিৰ্দেশনা পত্ৰ এই পৰ্যন্ত লাভ কৰা নাই। তেওঁলোকৰ মতে, তিনি মাহলৈকেহে বৃদ্ধি কৰা হৈছে কাৰাবন্দীসকলৰ বন্দীত্বৰ ম্যাদ। কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি নৱনিৰ্বাচিত সাংসদ অমৃতপাল সিঙৰ সহিতে ৯ জন খালিস্তানপন্থী নেতাৰ বন্দীত্বৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰিছে দেশৰ গৃহ মন্ত্ৰালয়ে। ইফালে পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ তিনি সহযোগীৰ এন এছ এৰ ম্যাদ ২৪ জুলাইত অন্ত পৰিব। আন ৬ সহযোগীৰ বন্দীত্বৰ ম্যাদ অন্তত পৰিব ১৮ জুনত। এনে সময়তে গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাই চেঁচাপানী ঢালিলে কাৰাবন্দীসকলক। উল্লেখযোগ্য যে, সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অমৃতপাল সিঙে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিত ১,৯৭,১২০ টা ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। ১৯৫৯-৬০ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান তিনি তৰপীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে বন্দী হৈ আছে অমৃতপাল সিঙসহ ৯ সহযোগী। ইফালে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পৃথক পৃথক বিশেষ চেলত ৰখা হৈছে এই সকল কাৰাৰুদ্ধক। মন কৰিবলগীয়া যে, ২০২৩ চনৰ ১৯ মাৰ্চত প্ৰথম পৰ্যায়ত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। সেইসকলৰ ভিতৰত আছিল দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিং আদি। সেইদৰে ২১ মাৰ্চত দ্বিতীয় পৰ্যায়ত পুনৰ পুৱা ৭ বজাত ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পিছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱান্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙকো কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। সম্প্ৰতি কাৰাবন্দী অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে ১২ টাকৈ গোচৰ ৰুজু হৈ আছে। তদুপৰি এন এছ এৰ অভিযোগ থকা আৰু থকা আৰু হিংসাক উচটনি দিয়া, হত্যাৰ চেষ্টা, আৰক্ষী কৰ্মীক আক্ৰমণৰ পৰা আৰম্ভ কৰি আইন শৃংখলাত ব্যাঘাত জন্মোৱাকে অন্যান্য বিভিন্ন অপৰাধমূলক অপৰাধৰ বাবে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অমিত পালক লৈ ইতিমধ্যে ভাৰতীয় ৰাজনীতিত চৰ্চিত হৈ পৰিছে।

প্ৰেৰক বিভাস দুৱৰা

Featured