লেখক-সাংবাদিক পৱিত্ৰ বৰালৈ জয়ছিং হাঞ্চে স্মাৰক বঁটা

বিশেষ বাৰ্তা, ৯ জুলাই : বিশিষ্ট সাহিত্যিক-সাংবাদিক পৱিত্ৰ বৰালৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ জয়ছিং হাঞ্চে স্মাৰক বঁটা । অসম সাহিত্য সভাৰ ডিফুস্থিত আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত এখন সংবাদ মেল আয়োজন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মাই এই কথা সদৰী কৰে । অহা ২১ জুলাইত দিনৰ দহ বজাত অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত বৰাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হʼব। উল্লেখ্য যে কেইবাটাও দশক ধৰি সক্ৰিয়ভাৱে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পৱিত্ৰ বৰাৰ লেখা অসমৰ আগশাৰীৰ কাকত-আলোচনীসমূহত প্ৰকাশ পাই আহিছে। কাৰ্বি আংলং জিলাৰ কেইবাগৰাকী পুৰোধা ব্যক্তিৰ জীৱন আৰু কৃতি সামৰি বৰাৰ সম্পাদনাত ইতিমধ্যে সাতখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে বীৰেন সিংহ, প্ৰয়াত বসন্ত দাস, প্ৰয়াত ফুকন চন্দ্ৰ ফাংছʼ, যজ্ঞোৰাম গগৈ, দিলীপ শৰ্মা, টংক কোঁৱৰ, দিলীপ কলিতা আৰু লুঞ্চে তিমুঙক এই বঁটা প্ৰদান কৰা হৈছিল । সংবাদ মেলত অসম সাহিত্য সভাৰ উপ-সভাপতি ড০ গিৰীশ সন্দিকৈ, কাৰ্বি আংলং সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা আৰু ডিফু সাহিত্য সভাৰ সম্পাদক ইৰাজ কুমাৰ শইকীয়াসহ বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

প্ৰেৰক ৰাজু কাঠাৰ

Featured