কয়াকুছিত ভূমিস্খলনত তিনিখন দোকানৰ ১৫ লক্ষাধিকৰ সা-সামগ্ৰী বিনষ্ট

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ বৰপেটা ৰাজহ চক্ৰৰ অধীনত তথা নৱগঠিত পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষ্মী বজাৰ চ’কত এক অঘটন সংঘটিত হয়। বছৰটোৰ প্ৰথম বানে নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ প্ৰায়বোৰ গাঁও পানীৰ তলত ডুব গৈ ৰাইজৰ বিস্তৰ ক্ষতি কৰে। প্ৰথম বানে গড়কাপ্টানী পথ, ধান, সব্জী, নষ্ট হোৱা আৰু পুখুৰীৰ মাছ উলাই যোৱাৰ লগতে যোৱা কালি আবেলি চকিৰভিঠা লক্ষ্মী বজাৰত পুখুৰীৰপাৰস্থিত তিনিখন দোকান ভূমিস্খলনত সম্পূৰ্ণৰূপে পানীত বাগৰি পৰে। জানিব পৰা মতে প্ৰায় ১৫ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী ধ্বংস হয়। উক্ত ভূমিস্খলনত ক্ৰমে ৰহমান আলীৰ বীজভাণ্ডাৰৰ দোকান,শুকুৰ আলীৰ ফাৰ্মাচী আৰু আফাজ উদ্দিনৰ গেলামালৰ দোকান । উল্লেখ্য যে বিগত কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই অঘটন সংঘটিত হোৱা বুলি ৰাইজে ঠাৱৰ কৰিছে।

প্ৰেৰক আফতাব হুছেইন

Featured