ছয় জনগোষ্ঠীৰ ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ঘোষণাত উৎফুল্লিত ভিন্ন সংগঠন

🔹 মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক ধন্যবাদ মিচিং সাহিত্য সভাৰ ঢকুৱাখনা যৌথ মঞ্চৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : অসম চৰকাৰ কেবিনেটে প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে মিচিং, ৰাভা, দেউৰী, কাৰ্বি, তিৱা আৰু ডিমাচা ভাষাক অনুমোদন জনোৱাত মিচিং আগম কৗবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ ঢকুৱাখনা যৌথ মঞ্চই আদৰণি জনাইছে। অলপতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত ছয় জনগোষ্ঠীৰ লগতে মিচিং জনগোষ্ঠীৰ ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰা চৰকাৰৰ সিদ্ধান্তত উৎফুল্লিত হৈ যৌথ মঞ্চই দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদক আন্তৰিকতা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ এই উপলক্ষে আজি দুপৰীয়া মিচিং আগম কৗবাঙৰ ঢকুৱাখনাৰ ৯খন আঞ্চলিক সমিতিৰ যৌথ মঞ্চই ঢকুৱাখনা নগৰস্থিত জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰৰ মুৰংঘৰত এখন সংবাদ মেল অনুষ্ঠিত কৰে৷ মিচিং আগম কৗবাঙৰ ঢকুৱাখনা যৌথ মঞ্চৰ সম্পাদক ৰাজু কুমাৰ দলেই আঁত ধৰা সংবাদ মেলত ১৯৭২ চনৰ ১৮ এপ্ৰিলত দিচাংমুখত জন্ম হোৱা মিচিং আগম কেবাঙে জন্মলগ্নৰে পৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰিবৰ বাবে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি অহাৰ কথা অৱগত কৰি বিগত ৪৫ বছৰীয়া মিচিং জনগোষ্ঠীটোৰ ভাষা সংগ্ৰামৰ অন্ত পেলাই মিচিং ভাষাক প্ৰাথমিক বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে অনুমোদন জনোৱাত অতিশয় আনন্দিত হোৱা বুলি মত প্ৰকাশ কৰে। সংবাদ মেলত যৌথ মঞ্চই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ধেমাজি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মিচিং ভাষা শিক্ষকৰ বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি ইতিমধ্যে মিচিং ভাষা পৰীক্ষাত উত্তীৰ্ণ হৈ থকা প্ৰায় ১৭ হাজাৰ পৰীক্ষাৰ্থীক ১৮০২খন এশ শতাংশ মিচিং শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ত শীঘ্ৰে নিযুক্তি দিবলৈ দাবী উত্থাপন কৰে। সংবাদ মেলত মিচিং আগম কেবাঙৰ ঢকুৱাখনাৰ নখন আঞ্চলিক সমিতিৰ যৌথ মঞ্চৰ সভাপতি ৰজনী কান্ত পেগু, কেন্দ্ৰীয় সমিতিৰ সদস্য দুলাল পেগু, প্ৰণৱ দলে আৰু যৌথ মঞ্চৰ সদস্য পূৰ্ণকান্ত দলে, সঞ্জীৱ দলে, জয়ন্ত কুটুম, ধনৱতী দলে, কমলা কান্ত দলে, বিশ্বজিত পেগু, যাদৱ পেগু, ধনেশ্বৰ কুলি, অজিত পেজ, গণেশ দলে আৰু হেমচন্দ দলে, মহেশ্বৰ পেগু, বিজু পায়েং আৰু ভূপেন দলে উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured