আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত ধুমুহা-বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞানৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে’ : বতৰ বিজ্ঞানীয়ে অসমত জাৰি কৰিলে সতৰ্কতা। আজি ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যৰ কিছু ঠাইত হব ধুমুহা বতাহ-বৰষুণ। ৱে অফ বেংগল সাগৰত উৎপত্তি হোৱা “ৰিমল” ঘূৰ্ণি বতাহৰ প্ৰভাৱ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত পৰিব। আগন্তুক ৫ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত হব বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰা অনুসৰি আজি ২৪ ঘন্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত ৪০/৫০ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে। ঠিক তেনেদৰে ৰিমল ঘূৰ্ণি বতাহৰ ফলত অহা ২৮, ২৯, ৩০, আৰু ৩১ মেলৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ কিছু কিছু ঠাইত ধুমুহা অহাৰ সম্ভৱনা নাই যদিও বিজুলী ঢেৰেকনিৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীৰ আগজাননী অনুসৰি আজিৰে পৰা আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ যথেষ্ট সম্ভৱনা আছে।

Featured