খুমটাই বুঢ়ালিকচনত পুত্ৰৰ অত্যাচাৰত প্ৰাণ গ’ল মাতৃৰ

নিয়মীয়া বাৰ্তা, ২৫ জুন : খুমটাই সমষ্টিৰ অন্তৰ্গত খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ালিকচন গাঁৱত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। পুত্ৰৰ অত্যাচাৰত মৃত্যু হ’ল দীৰ্ঘদিনে মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা মাতৃ ৰেণুমাই বৰা। পিতৃ যাদৱ বৰাই জানিবলৈ দিয়া অনুসৰি তেওঁৰ পুত্ৰ দীপমনি বৰাই যোৱা দেওবাৰে ৰাতি তেওঁৰ পিতৃ-মাতৃক সুৰাসক্ত অৱস্থাত আহি নানা অত্যাচাৰ কৰে। পুত্ৰৰ অত্যাচাৰত পিতৃ-মাতৃ দুয়ো শাৰীৰিক-মানসিকভাৱে আঘাত প্ৰাপ্ত হয়। পুত্ৰৰ অত্যাচাৰত ঘৰৰ আচবাব যথেষ্ট ক্ষতি হয় বুলি পিতৃয়ে জানিবলৈ দিয়ে। লগতে তেওঁ কয় যে পুত্ৰৰ অত্যাচাৰত তেওঁৰ ৰুগীয়া পত্নীৰ স্বাস্থ্য যথেষ্ট অৱনতি ঘটাত সোমবাৰে চিকিৎসাৰ বাবে স্থানীয় এখন স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়, স্থানীয় চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। যোৰহাট মেডিকেল কলেজ হস্পিতালত চিকিৎসকে যাদৱ বৰাৰ পত্নী তথা ৰেণুমাই বৰাৰ স্বাস্থ্য অধিক সংকটজনক বুলি জানিবলৈ দিয়ে।পত্নীক সংকটজনক অৱস্থাত বুঢ়ালিকচনস্থিত গৃহলৈ লৈ আহে আৰু সোমবাৰ দিনা ৰেণুমাই বৰাই মৃত্যুক আঁকোৱালি লয়।এই সকলো কথা যাদৱ বৰাই সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰৰ যোগেদি জানিবলৈ দিয়ে। লগতে দীপমণিয়ে দীৰ্ঘদিন ধৰি মদৰ ৰাগিত অত্যাচাৰ কৰি আহিছিল বুলি পিতৃয়ে জানিবলৈ দিয়ে। বৰ্তমান ঘৰ এৰি পলায়ন কৰিছে দীপমনি বৰাই। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে খুমটাই আৰক্ষীয়ে। কালি নিশা স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত খুমটাই আৰক্ষীৰ এটা দলে যাদৱ বৰাৰ ঘৰত উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে বুঢ়ালিকচন গাঁৱত।

প্ৰেৰক নবীন গোহাঁই

Featured