পাঁচ সন্তানৰ মাতৃৰ পৰকীয়া প্ৰেম : সোণাৰিৰ পদপথত প্রেমিকাক এৰি যুৱকৰ পলায়ন

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত থকা চৰাইদেউ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখত কালি পুৱা পদপথত বহি এগৰাকী মহিলাই কান্দি থকা সকলোৱে প্ৰত্যক্ষ কৰে। পাছত মহিলাগৰাকীৰ পৰা এই সন্দৰ্ভত জানিব বিচৰাত তেওঁ কয়- তেওঁৰ ঘৰ কার্বি আংলং জিলাত। ডেৰ মাহ পূর্বে সৎনামী উপাধিৰ পাঁচ সন্তানৰ মাতৃগৰাকীয়ে স্বামীৰ মৃত্যুৰ পাছত সন্তানক এৰি গোবিন সৎনামী নামৰ যুৱকজনৰ সৈতে পলাই গৈ ৰামপুৰ নামৰ ঠাইত ডেৰ মাহ একেলগে কটায়। পাছত যুৱকজনে চৰাইদেউ জিলাৰ লংপটীয়াস্থিত নিজৰ গৃহলৈ বুলি মহিলাগৰাকীক লৈ অহাৰ ছলেৰে কালি দুপৰীয়া সোণাৰিৰ চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত ৰ’বলৈ কৈ পদপথতে এৰি পলায়ন কৰে। দ্বিতীয় স্বামী গোবিনলৈ কেইবাবাৰো ফোন কৰিও কোনো উত্তৰ নোপোৱাত কান্দি-কাটি পদপথটোতে বহি থকা অৱস্থাত স্থানীয় ৰাইজে মহিলাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি সোণাৰি আৰক্ষী থানালৈ নিয়ে।

 

প্ৰেৰক দীপাংকৰ পাল

Featured